বাক্সা, 29 জানুৱাৰীঃ কৃষি-প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ বাক্সাৰ অন্তৰ্গত কৃষি বিভাগৰ সৌজন্যত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে কৃষি মেলা ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত কৃষিমেলাৰ পতাকা উত্তোলন কৰে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ কাৰ্যনিৰ্বাহক সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে ৷ কৃষি মেলাৰ লগত সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে বিভাগটোৰ কাৰ্যবাহী সদস্য আনচুমা খুংগুৰ বড়োৱে ৷ লগতে মত বিনিময় অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷
কৃষি মেলাখনত কৃষিজাত সামগ্ৰীৰ প্ৰদৰ্শনীৰ উপৰিও কৃষি বিজ্ঞান বিষয়ক বিভিন্ন বিষয়ৰ মত বিনিময়, ৰেচম, মীন পালন, পশুপালন আদি সন্দৰ্ভত আলোচনা চক্ৰৰো আয়োজন কৰা হয় ৷ উক্ত মেলাত এগৰাকী শিপিনীয়ে ভূটানৰ কাপোৰ বিক্ৰীৰে মাহেকত ১৫,০০০ টকা উপাৰ্জন কৰাৰ লগতে কেইবাগৰাকী মহিলাকো সংস্থাপন দিয়াৰ কথা সদৰী কৰে ।
কৰিমগঞ্জঃ দুদিনীয়া কাৰ্যসূচীৰে কৰিমগঞ্জতো আৰম্ভ হৈছে কৃষি মেলা ৷ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত আয়োজিত মেলাখনত উপলব্ধ হৈছে বিভিন্ন এছ এই জি আৰু থলুৱাভাৱে উৎপাদিত বিভিন্ন শাক-পাচলি ৷ ইয়াৰ বাহিৰেও উন্নত প্ৰজাতিৰ কুকুৰা, বতা চৰাই, হাঁহ, কাঠফুলা আদিৰো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় ৷ সামগ্ৰীসমূহ প্ৰদৰ্শনীৰ সমান্তৰালকৈ বিক্ৰীৰো ব্যৱস্থা কৰা হৈছে ৷ বুধবাৰৰ দিনটোত কৃষি মেলাখনত উপস্থিত থাকে জিলা উপায়ুক্ত আম্বামুথান এম পি ৷ মেলাখনক লৈ স্থানীয় ৰাইজৰ উৎসাহ-উদ্দীপনাৰ অন্ত নোহোৱা হৈছে ৷
![বাক্সাত কৃষি মেলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5884269_image.jpg)
মৰিগাঁওঃ মৰিগাঁৱত জিলা কৃষি বিভাগৰ উদ্যোগত জাগীভকতগাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষিমেলাত কৃষি সামগ্ৰী প্ৰদৰ্শন কৰা হয় ৷ বুধবাৰে মেলাখন উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ জাগীভকতগাঁৱৰ বিহুতলীত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কৃষকৰ মাজত গঠনমূলক প্ৰতিযোগিতা চলিছে বুলি মন্তব্য কৰে ৷ ইয়াৰ ফচলৰূপে এই প্ৰদৰ্শনীত কৃষকসকলে নিজ উৎপাদিত কৃষিজাত সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । চৰকাৰৰ তৰফৰ পৰা বুজন সংখ্যক টেক্টৰ, পাৱাৰটিলাৰ যোগান ধৰা বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ নিজ ভাষণ প্ৰসংগত তথাকথিত ৰাজপথৰ আন্দোলনৰ পৰিৱৰ্তে এনে সেউজ আন্দোলন গঢ়ি তুলিবলৈ আহবান জনায় মন্ত্ৰী পীযুষে ৷
বুধবাৰৰ এই কাৰ্যসূচীত জিলা উপায়ুক্ত ঋতুৰাজ বৰা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা কৃষি বিষয়া মধুৰাম পাতিৰকে প্ৰমুখ্যে কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি মুকলি সভাত অংশ লয় । এই অনুষ্ঠানৰ পূৰ্বে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰাৰ লগতে স্থানীয় শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰীৰ দ্বাৰা ভক্তিমূলক গীত পৰিৱেশন কৰি মন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয় । মায়ং কৃষি চক্ৰৰ অন্তৰ্গত জাগীভকতগাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ আঁত ধৰে জ্যেষ্ঠ কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকা আৰু অশোক শৰ্মাই ।
লগতে চাওকঃকেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কি আশা যুৱ প্ৰজন্মৰ !!!