তামুলপুৰ, 14 জুন : এখন ই-ৰিক্সাৰ ফলত কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমনৰ দিশে গতি কৰিছে তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ নগৰ । বৰমা কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা 12 তাৰিখে দুজন ব্যক্তিক হোম কোৱাৰেণ্টাইনৰ বাবে এখন বাছেৰে আনি গোৰেশ্বৰ ৰেলৱে গেটত নমাই দিছিল কৰ্তৃপক্ষই । ব্যক্তি দুজনক ৰেলগেটৰ পৰা ৰেলষ্টেচন নিবাসী ইদ্ৰীছ আলী নামৰ ই-ৰিক্সা চালকজনে তেখেতৰ ৰিক্সাৰে কঢ়িয়াই লৈ গৈছিল ।
ই-ৰিক্সাৰে ঘৰলৈ যোৱা লোক দুজনৰ যোৱাকালি কৰ'ণা পজিটিভ ফলাফল আহিছে ৷ লোক দুজনক ইতিমধ্যে চিকিৎসাৰ বাবে প্ৰেৰণো কৰা হৈছে ৷ কিন্তু তেওঁলোকক কঢ়িয়াই নিয়া ই-ৰিক্সা চালকজন বৰ্তমানে ৰাজহুৱা স্থানত ঘুৰি ফুৰিছে । তেখেতৰ লগতে পৰিয়ালৰ লোকসকলৰ এতিয়াও লোৱা হোৱা নাই তেজৰ নমুনা । একেবাৰে দায়িত্বহীনভাৱে ইদ্ৰীছ আলীৰ পৰিয়ালে ব্যৱহাৰ কৰা কাপোৰ পথৰ দাঁতিত মেলি থৈছে ৷ ইতিমধ্যেই আশাকৰ্মীয়ে যোৱা নিশা আলীৰ ঘৰত এখন বেনাৰ লগাই 14 দিনৰ বাবে ঘৰৰ পৰা ওলাব মানা কৰিছে যদিও আলিৰ পৰিয়ালে কোনো নীতি অনুসৰণ কৰা নাই । ইদ্ৰীছ আলীৰ পৰিয়াল তথা আলীৰ এই দায়িত্বজ্ঞানহীনতাৰ লগতে অবিবেচক কাণ্ডৰ ফলত এতিয়া গণ সংক্ৰমণৰ দিশে গতি কৰি সমগ্ৰ গোৰেশ্বৰ নগৰ ৷ এই ক্ষেত্ৰত প্ৰশাসনক শীঘ্ৰেই যাৱতীয় ব্যৱস্থা ল'বলৈ স্থানীয় লোকে আহ্বান জনাইছে ।
লগতে পঢ়কঃ বঙাইগাৱঁত গাওঁ পঞ্চায়তৰ সহযোগত নিৰ্মাণ কোৱাৰেন্টাইন কেন্দ্ৰ