বাক্সাৰ গোৰেশ্বৰ-নাওকাটাত অস্ত্ৰসহ আটক যুৱক - বাঙালীপাৰা
সেনাই বাইহাটা চাৰিআলীৰ পৰা গোৰেশ্বৰ-নাওকাটা-বাঙালীপাৰা গড়কাপ্তানী পথেৰে বাঙালীপাৰা অভিমুখে অস্ত্ৰ কঢ়িয়াই অনা তথ্যৰ ভিত্তিত সেনাই চলাইছিল অভিযান ৷ অভিযানত আটক নলবাৰীৰ তফজুল আলী(28) আৰু চইফ আলী(45) ৷

বাক্সাৰ গোৰেশ্বৰ নাওকাটাত আপত্তিজনক অস্ত্ৰসহ আটক যুৱক
বাক্সা,13 নৱেম্বৰঃ বাক্সাৰ গোৰেশ্বৰ নাওকাটাত আপত্তিজনক অস্ত্ৰসহ আটক দুই যুৱক ৷ সেনা আৰু আৰক্ষীৰ অভিযানত এখন চুৰিসহ আটক নলবাৰীৰ দুই যুৱক ৷
উল্লেখযোগ্য যে, বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ-নাওকাটা-বাঙালীপাৰা গড়কাপ্তানী পথেৰে বাঙালীপাৰা অভিমুখে অস্ত্ৰ কঢ়িয়াই অনা তথ্যৰ ভিত্তিত সেনাই চলাইছিল অভিযান ৷ অভিযানত আটক নলবাৰীৰ তফজুল আলী(28) আৰু চইফ আলী(45) ৷
ইপিনে হাবিৰ মাজত অস্ত্ৰ দলিয়াই পলায়নৰ চেষ্টা কৰা যুৱক দুজনৰ পৰা সেনা-আৰক্ষীয়ে এখন চুৰি, মটৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃ পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট