ETV Bharat / state

বৰমাত সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

বৃহস্পতিবাৰে বৰমাতো সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ এই উপলক্ষে আয়োজিত দুটা পৃথক অনুষ্ঠানত উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ ৷

tribute to bhupen hazarika at barama
tribute to bhupen hazarika at barama
author img

By

Published : Nov 6, 2020, 7:48 AM IST

বৰমা, 6 নবেম্বৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰমা আঞ্চলিক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । বৰমা সমিতিৰ সম্পাদক ধীৰাজ বৰ্মনে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী অজয় দাসে । অনুষ্ঠানত লেখিকা ৰঞ্জনা তালুকদাৰৰ ‘নাপিত আৰু বাঁক’ নামৰ সাধুকথাৰ পুথিখন উন্মোচন কৰে বাক্সা প্ৰেছ ক্লাৱৰ সম্পাদক ভাৰত ৰাজবংশীয়ে । পুথিখন উন্মোচন কৰি ৰাজবংশীয়ে সাধুকথাৰ জৰিয়তে নৈতিকতাৰ জ্ঞান লাভ কৰিব পাৰি বুলি দোহাৰি আজিৰ শিশুসকলক সাধুকথাৰ প্ৰতি আকৃষ্ট কৰিবলৈ সকলোকে আহ্বান জনায় ।

tribute to bhupen hazarika at barama
বৰমাত সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ

অনুষ্ঠানত নলবাৰী জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক নিৰোদ দাস, বৰমা আছুৰ উপদেষ্টা গোবিন্দ ভূঞা, বাস্কা প্ৰেছ ক্লাৱৰ সভাপতি আলকাচ আলী, বৰমা আঞ্চলিক গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি ছৰিফুল আলীকে ধৰি বিভিন্নজন ব্যক্তি উপস্থিত থাকে। পুথি উন্মোচনৰ পাচত ড৹ ভূপেন হাজৰিকাৰ গীত মাত পৰিৱেশ কৰা হয় ।

ইয়াৰ পূৰ্বে , পুৱা ১০ বজাত বৰমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ'ৰাৰৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপন কোষৰ সহযোগত অনুষ্ঠিত হয় সুধাকণ্ঠৰ নৱম মৃত্যু বাৰ্ষিকী ৷ অনুষ্ঠানত বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিক দিলীপ কুমাৰ শৰ্মাৰ চতুৰ্থখন কাব্য পুথি "সন্ধিক্ষণ" উন্মোচন কৰা হয় । কাব্যপুথি উন্মোচন কৰে বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ কুমাৰ দাসে । অনুষ্ঠানত "সন্দিক্ষণ" ৰ স্ৰষ্টা দিলীপ কুমাৰ শৰ্মাকে ধৰি কেইবাজনো ব্যক্তিয়ে হাজৰিকাক স্মৰণ কৰে ৷

লগতে পঢ়ক : JEE জালিয়াতি : 7 দিনৰ ন্যায়িক জিম্মালৈ কাকলি বুজৰবৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.