ETV Bharat / state

চিৰাঙত নিবনুৱা যুৱক-যুৱতীক ডায়েৰী ফাৰ্ম আৰু পচন সাৰ উৎপাদনৰ প্ৰশিক্ষণ - চিৰাঙত যুৱক যুৱতীক ডায়েৰী ফাৰ্ম আৰু পচন সাৰ উৎপাদনৰ প্ৰশিক্ষণ

স্ব-নিৰ্ভৰশীলতাৰ লক্ষ্যৰে চিৰাঙত যুৱক-যুৱতীক ডায়েৰী ফাৰ্ম আৰু পচন সাৰ উৎপাদনৰ প্ৰশিক্ষণ ৷ 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ শনিবাৰে সামৰণি পৰে ৷ প্ৰশিক্ষণ কাৰ্য্যসূচীত জিলাখনৰ 35 গৰাকী যুৱক-যুৱতীৰ অংশগ্ৰহণ ৷

চিৰাঙত নিবনুৱা যুৱক যুৱতীক ডায়েৰী ফাৰ্ম আৰু পচন সাৰ উৎপাদনৰ প্ৰশিক্ষণ

author img

By

Published : Feb 6, 2021, 10:51 PM IST

চিৰাং, 6 ফেব্ৰুৱাৰী: নিবনুৱা যুৱক-যুৱতীক আত্ম সংস্থাপন দিয়াৰ লক্ষ্যৰে চিৰাং জিলাত ডায়েৰী ফাৰ্ম আৰু পচন সাৰ তৈয়াৰ কৰাৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কাজলগাঁৱত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠান (SBIRSETI= State Bank of India Rural Self employment Training Institute) ৰ উদ্যোগত আৰু ৰুণীখাটা শান্তিপুৰ সমবায় সমিতিৰ সহযোগত উক্ত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শনিবাৰে সামৰণি পৰে ।

প্ৰশিক্ষণ কাৰ্য্যসূচীত জিলাখনৰ 35 গৰাকী যুৱক-যুৱতীৰ অংশগ্ৰহণ

জিলাখনৰ বিভিন্ন অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ 35 গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতী সকলে নিজকে কৰ্মত আত্ম নিয়োগ কৰি আত্মনিৰ্ভৰ হ'ব পাৰিব বুলি আশা কৰা হৈছে ৷

নিজ ঘৰতে ডায়েৰী ফাৰ্ম আৰু পচন সাৰ তৈয়াৰ কৰি স্বাৱলম্বী হোৱাৰ সন্দৰ্ভত পশু চিকিৎসক ডাঃ ইক্ৰামূল হক আৰু কাজলগাঁও ভাৰতীয় ষ্টেট বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক পুতুল বসুমতাৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰে বুলি জানিব পৰা গৈছে ৷ কাজলগাঁও ভাৰতীয় ষ্টেট বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক পুতুল বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱক-যুৱতী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়

সামৰণি অনুষ্ঠানত চিৰাঙৰ অৱসৰ প্ৰাপ্ত জিলা পশু চিকিৎসক ডাঃ ভৱেন দাস, 'নীৰ' ৰ প্ৰতিনিধি অৰুণ মিত্ৰ, ৰুণীখাটা-শান্তিপুৰ সমবায় সমিতি লিমিটেডৰ সভাপতি মহেন্দ্ৰ নাৰ্জাৰী, সম্পাদক দামোদৰ দাহাল সহ কেবাজনো অতিথি উপস্থিত থাকে । চিৰাঙৰ লেড ডিষ্ট্ৰিক মেনেজাৰ বিধান ব্ৰহ্ম, নাবাৰ্ডৰ ডি ডি এম আলাৰাম দেউৰী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি যুৱক-যুৱতী সকলে কেনেদৰে ডায়েৰী ফাৰ্ম স্থাপন কৰাৰ লগতে পচন সাৰ তৈয়াৰ কৰি স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰত মন্তব্য ৰখাৰ লগতে ডায়েৰী ফাৰ্ম স্থাপন আৰু পচন সাৰ সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ ক্ষেত্ৰত প্ৰয়োজনত কেনেদৰে বেংকৰ পৰা ঋণ পাব পাৰে সেই সন্দৰ্ভতো বক্তব্য ৰাখে ৷

লগতে পঢ়ক: চিৰাঙত হাতী দাঁত আৰু মাৰণাস্ত্ৰসহ এন ডি এফ বি সদস‍্য গ্ৰেপ্তাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.