ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি - 9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 9 PM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Jan 1, 2023, 9:08 AM IST

Assam District Remerged: তামুলপুৰৰ জিলা মৰ্যাদা বাতিলকৰণত অসন্তুষ্ট দল-সংগঠন

তামুলপুৰক পৃথক জিলা হিচাপে ঘোষণা কৰাৰ এবছৰ নৌহওঁতেই ৰাজ্য চৰকাৰে জিলা হিচাপে বাতিল কৰে (Assam District Remerged) ৷ বাক্সা জিলাৰ পৰা তামুলপুৰক পৃথক জিলা হিচাপে ঘোষণা কৰাত তামুলপুৰবাসীয়ে যি আনন্দ-উল্লাস কৰিছিল হঠাৎ শনিবাৰে ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তই চেঁচাপানী ঢালি দিলে (Announcement of Tamulpur as a district) ৷

RSS Headquarter In Threat: RSSৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

নাগপুৰস্থিত RSSৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ৷ শনিবাৰে ফোনযোগে আৰক্ষীয়ে লাভ কৰিছিল বোমাৰ এই ভাবুকি ৷ ভাবুকিৰ পিছতেই RSSৰ কাৰ্যালয়ৰ সমীপত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ সষ্টম কৰি ৰখা হৈছে ‘বোমা স্কোৱাড’, পৰীক্ষা-নিৰীক্ষা কৰা হৈছে কাৰ্যালয়ৰ চৌপাশ ৷

Assam District Remerged: বিশ্বনাথ জিলাৰ মৰ্যাদা অটুট ৰখাৰ দাবী আছুৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত শনিবাৰে এক সংবাদমেলৰ জৰিয়তে বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ(Assam Cabinet in Delhi) ৷ বিশ্বনাথত বিভিন্ন দল সংগঠনে বিশ্বনাথ জিলা বাহাল গঠন কৰিবলৈ ৰাজপথত তীব্ৰ আন্দোলন কৰিছিল ৷

Dalai Lama teaching program in Gaya: চীনা চৰকাৰে বৌদ্ধ ধৰ্মৰ ক্ষতি কৰিছে: দালাই লামা

চীনা চৰকাৰৰ বৌদ্ধ ধৰ্ম ধ্বংস কৰাৰ প্ৰচেষ্টাক তীব্ৰ সমালোচনা বৌদ্ধ আধ্যাত্মিক নেতা দালাই লামাৰ (Buddhist Guru Dalai Lama)। বুদ্ধগয়াত অনুষ্ঠিত শিক্ষণ বক্তৃতাৰ অন্তিম দিনা তেওঁ চীনা চৰকাৰক এইদৰে সমালোচনা কৰে । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুও উক্ত অনুষ্ঠানত উপস্থিত থাকে ।

Assam district remerge: চাৰি জিলাৰ জনগণক প্ৰতাৰণা কৰিছে চৰকাৰে: অজাপ

ৰাজ্যিক কেবিনেটে চাৰিখন জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্য়েই প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন সংগঠনে ৷ সমান্তৰালভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহেও ৷ কেবিনেটৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ ৷

Woman Killed Husband: প্ৰেমিকেৰে মিলি স্বামীক হত্যা কৰি সমাধিস্থ কৰিলে ঘৰৰ কাষতে

লখিমপুৰ খেৰীত সংঘটিত এক হত্যাকাণ্ডৰ কথা প্ৰকাশ কৰি আৰক্ষীয়ে মৃতকৰ পত্নী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰে (Woman Killed Husband) । আৰক্ষীয়ে হত্যাত ব্যৱহৃত অস্ত্ৰও উদ্ধাৰ কৰে ।

Dihingchang Food Festival 2022: টিংখাঙত দিহিংচাং খাদ্য মেলাৰ আয়োজন

আজি ইংৰাজী নৱবৰ্ষ 2023 ৰ পহিলা দিন ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত দুদিনীয়া কাৰ্যসূচীৰে টিংখাঙত আয়োজন কৰা হৈছে "দিহিংচাং food festival ২০২২" (Dihingchang Food Festival 2022 at Tingkhang)।

2022 Assamese Movies: 2022 বৰ্ষত মুক্তি লাভ কৰা বহুল চৰ্চিত কেইখনমান অসমীয়া ছবি

2022 বৰ্ষটো আহি আহি অন্তিম ক্ষণত উপস্থিত হৈছেহি ৷ উভতি চালে আমি দেখা পাওঁ এই বছৰটোত সৰু-বৰ কেইবাখনো অসমীয়া ছবিয়ে অসমীয়া চিনেমাৰ ভঁৰালটো চহকী কৰি তুলিলে (Assamese movies released in 2022) ৷ ৰাইজৰ মাজতো দেখা পোৱা গ’ল অসমীয়া ছবিক লৈ পূৰ্বৰ উছাহ ৷ মৰহি যাব ধৰা চলচ্চিত্ৰ উদ্যোগটো পুনৰ ঠন ধৰি উঠিল যেন অনুমান হয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ প্ৰেমীৰ সহযোগত ৷

Cristiano Ronaldo signs with Al Nassr : চৌদি আৰৱৰ আল নাছৰৰ হৈ খেলিব ৰোনাল্ডো

বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ফুটবলখেলুৱৈ হিচাপে পৰিগণিত হ'ল ক্ৰিষ্টিয়ানো ৰোনাল্ডো । চৌদি আৰৱৰ এটা ফুটবল ক্লাব আল-নাছৰৰ সৈতে দুবছৰীয়া চুক্তি সম্পন্ন কৰিছে তাৰকা খেলুৱৈগৰাকীয়ে (Cristiano Ronaldo signs with Al Nassr)। খেলুৱৈগৰাকীয়ে বছৰি ৭৫ নিযুত ডলাৰ লাভ কৰিব ।

Sunrise in Guwahati: উদয়াচলত হেঙুলী আভা চটিয়াই ভুমুকি মাৰিলে নৱবৰ্ষৰ ন-সূৰুজে

পোৱা-নোপোৱা, শোক-বিষাদৰ মাজেৰে পাৰ হৈ গ’ল 2022 ৷ উদয়াচলত হেঙুলী আভা চটিয়াই ভুমুকি মাৰিলে ন-সূৰুজে ৷ আৰম্ভ হ’ল এটা নতুন বছৰ "2023" ৷ সকলোৱে মংগল কামনাৰে আৰাধ্য দেৱতাৰ ওচৰত প্ৰজ্বলন কৰিবলৈ আহিছে এগছি বন্তি ৷ মনত আশা বান্ধিছে সকলোৱে দিনবোৰ যেন সুখময় হয় ৷ স্বাগতম নৱবৰ্ষ 2023 (New Year 2022) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.