ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 13, 2022, 7:07 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 7 PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Barshashree in Jail: এটা কবিতাই বৰষাশ্ৰীক উপহাৰ দিলে কাৰাগাৰৰ অন্ধকাৰ কুঠৰী

টীয়ক কাৱৈমাৰীৰ বৰষাশ্ৰী বুঢ়াগোহাঁই নামৰ স্নাতক শাখাৰ ছাত্ৰী গৰাকীয়ে নিজৰ এটা কবিতা আপলোড কৰিছিল ফেচবুকত (Barshashree Burhagohain in jail) ৷ সেই কবিতাটো প্ৰচাৰ হোৱাৰ পাচতেই আৰক্ষীয়ে বৰষাশ্ৰীক গ্ৰেপ্তাৰ কৰি বিগত দুমাহে বন্দী কৰি ৰাখিছে ৷ এতিয়া সমগ্ৰ ৰাজ্যতে ই ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷

APCC organisational election:স‍াংগঠনিক নিৰ্বাচনক লৈ প্রদেশ কংগ্ৰেছত জোকাৰণিৰ সম্ভাৱনা

আৰম্ভ হৈছে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক নির্বাচন প্রক্রিয়া(Assam Pradesh Congress Committee Organisational Elections begun)। ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব প্রদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচন । সভাপতিৰ পদৰ বাবে ভূপেন বৰাৰ উপৰি চৰ্চাত আছে প্ৰদ্যুৎ বৰদলৈ আৰু দেবব্ৰত শইকীয়াৰ নাম । লবীকেন্দ্রিক ৰাজনীতিত বিধ্বস্ত হৈ পৰা প্ৰদেশ কংগ্ৰেছত নিৰ্বাচনৰ জৰিয়তে সভাপতি বাছনি হ'লেই দুই বা তিনিটা শিবিৰৰ মুকলি অৱস্থান প্রকাশ্য হৈ পৰিব । প্রকাশ্যে নহ'লেও কংগ্ৰেছত কেইবাটাও লবী সক্ৰিয় হৈ আছে ।

বৰপেটাত ৫০ বিঘা ভূমিত স্থাপন হ’ব সংহত উপায়ুক্ত কাৰ্যালয়: ৰণজিৎ কুমাৰ দাস

বৰপেটাৰ সংহত উপায়ুক্ত ভৱনৰ বাবে ধাৰ্য কৰা হৈছে ৫০ কোটি টকা(Integrated Deputy Commissioner's Office to be set up in Barpeta) ৷ কাৰ্যালয় স্থাপনৰ কাৰণে ভূমি নিৰ্ধাৰণ কৰিবলৈ ইতিমধ্যে উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে ৷ সত্ৰনগৰী বৰপেটাৰ সত্ৰৰ আশে পাশে থকা স্থানত সংহত উপায়ুক্ত কাৰ্যালয়ৰ স্থাপনৰ বাবে মাটি বিচৰা হৈছে ৷

নতুন নাম পালে কালাপাহাৰ-চেৰাবভাটিয়ে

মহানগৰীত দুই নতুন স্থানৰ সংযোজন ৷ বহু চৰ্চিত মহানগৰীৰ দুই স্থান কালাপাহাৰ আৰু চেৰাবভাটিৰ নতুন নাম প্ৰদান কৰিলে গুৱাহাটী পৌৰ নিগমে (Guwahati municipality corporation) ৷

বর্ষাশ্ৰীৰ মুক্তিৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

বৰ্ষাশ্ৰী শদিয়াখোৱা বৰগোঁহাইৰ(Barshashree Buragohain) পক্ষত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ(Asom Jatiyatabadi Yuva Chhatra Parishad ) । শীঘ্ৰেই বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবী সংগঠনটোৰ । বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী এজেৱাইচিপিৰ । কবিতা কোনো কাৰণতে ৰাষ্ট্ৰদ্ৰোহ হ'ব নোৱাৰে বুলি মন্তব্য সংগঠনটোৰ । এনে ব্যৱস্থাই চৰকাৰৰ প্ৰতি ৰাইজৰ ক্ষোভ আৰু বেছি বৃদ্ধি কৰিব বুলি মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱাই ৷

১৫ জুলাইত ৰাজ্যৰ ৩৫টা ছবিগৃহত শুভমুক্তি 'গুৱাহাটী ডায়েৰীজ'

অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ । অধীৰ অপেক্ষাৰ অন্তত অৱশেষত ৰাজ্যজুৰি মুক্তিৰ দিন নিৰ্ধাৰণ কৰা হৈছে 'গুৱাহাটী ডায়েৰীজ'ৰ । ১৫ জুলাইত শুভমুক্তি লাভ কৰিব অসমীয়া ছবি 'গুৱাহাটী ডায়েৰীজ' (Guwahati Diaries released in 35 theatres in the state on July 15)। ৰাজ্যৰ মুঠ ৩৫টা ছবিগৃহত একেলগে মুক্তিলাভ কৰিব ছবিখনে ।

ৰাজ্যৰ ৰাজনীতিৰ দুগৰাকী মহীৰূহ চিকিৎসাধীন: আশু আৰোগ্যৰ বাবে সৰ্বত্ৰে প্ৰাৰ্থনা

চিকিৎসাধীন হৈ আছে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰৰ আটাইতকৈ বৰ্ষীয়ান দুগৰাকী মহীৰূহ ৷ যি দুগৰাকী ৰাজনীতিকে দীৰ্ঘকালৰ বাবে অসম বিধান সভাৰ সদস্য হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ দুয়োগৰাকী আছিল কেবিনেট মন্ত্ৰী ৷

Srilanka political crisis : ‘পলাতক’ ৰাষ্ট্ৰপতিয়ে আশ্ৰয় বিচাৰিছিল ভাৰতত !

'প্ৰজাপক্ষৰ' বিক্ষোভত দেশান্তৰিত হ'বলৈ বাধ্য হ'ল 'ৰাজাপক্ষে' । মঙলবাৰে গভীৰ নিশা সংবাদ সংস্থা এএফপিক উদ্ধৃতি দি এই দাবী কৰিছে একাধিক সংবাদ মাধ্যমে (Media quoted news agency AFP) ।

Jaswant Singha at Guwahati: প্রচাৰৰ বাবে যশোৱন্ত সিনহা গুৱাহাটীত উপস্থিত

ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিনহাই বুধবাৰে অসমত নিৰ্বাচনী প্রচাৰৰ বাবে উপস্থিত হৈছে (Presidential candidate Yaswant Sinha at Guwahati) । বুধবাৰে দিনৰ 2.40 বজাত গুৱাহাটীৰ বৰঝাৰ বিমানকোঠত সিনহাই অৱতৰণ কৰে ।

BJPs strategy for election:লোকসভা নিৰ্বাচনকলৈ বিশেষ তৎপৰতা বিজেপিৰ

অসমত দখলত নথকা সমষ্টিত সংগঠন শক্তিশালী কৰাৰ দায়িত্ব দিয়া হৈছে ৰাজ্যসভাৰ সাংসদক। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক কলিয়াবৰ সমষ্টিৰ দায়িত্ব অৰ্পণ(Central minister Sarbananda Sonowal )। নগাঁও লোকসভা সমষ্টিৰ বাবে নিযুক্তি দিয়া হৈছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাক। আনহাতে, ধুবুৰী সমষ্টিৰ বাবে নিযুক্তি দিয়া হৈছে ৰাজ্যসভাৰ সাংসদ পৱিত্র মাৰ্ঘেৰিটাক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.