ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 @ 7 PM

7 বজাৰ শীৰ্ষ দহটা বাতৰি

7 বজাৰ শীৰ্ষ দহটা বাতৰি
7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jul 27, 2021, 7:03 PM IST

সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম

অসম-মিজোৰাম সীমা বিবাদৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই অনুষ্ঠানৰ পিছত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত সীমা বিবাদক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

সংঘৰ্ষজৰ্জৰ অঞ্চল পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিলৰ বাবে কংগ্ৰেছৰ সাতজনীয়া কমিটি গঠন

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সোমবাৰে মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিৰোধী দল কংগ্ৰেছকে ধৰি বিভিন্ন দলে-সংগঠনে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অৱশেষত মঙলবাৰে প্ৰদেশ কংগ্ৰেছে সংঘৰ্ষজৰ্জৰ অঞ্চল পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিলৰ বাবে এখন সাতজনীয়া কমিটি গঠন কৰি দিয়ে ৷

কমলপুৰত বহিৰাগত বণিকৰ আধিপত্যত শংকিত ৰাইজ

বহিৰাগত কোম্পানীৰ দপদপনিত হাহাকাৰ পৰিস্থিতি কমলপুৰ সমষ্টিৰ অন্তৰ্গত আল্টা গাঁৱত ৷ স্থানীয় ৰাইজৰ অজ্ঞাতে দালালে বিক্ৰী কৰিছে বহু হেক্টৰ ভূমি ৷ থলুৱাৰ সলনি বহিৰাগতৰ দপদপনি আল্টা গাঁৱত ৷

কোনে নুমুৱাব ধৰমতুলত জ্বলি থকা ভোকৰ জুই ?

মৰিগাঁও জিলাৰ ধৰমতুলত শেহতীয়াকৈ কিডনী (Kidney) ব্যৱসায়ী চক্ৰৰ তথ্য পোহৰলৈ অনাৰ লগতে বহুকেইজনক আটক কৰিছে আৰক্ষীয়ে ৷ কিন্তু দৰাচলতে ধৰমতুলৰ লোকসকলে কিডনী বিক্ৰী কৰাৰ আঁৰৰ ৰহস্য কি? এই সন্দৰ্ভত ইটিভি ভাৰত (ETV Bharat)ৰ এক বিশেষ প্ৰতিবেদন...

Green India Challenge : ৰামোজী ফিল্ম চিটিত অমিতাভ বচ্চন

মঙলবাৰে হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটি(Ramoji Film City)ত Green India Challenge ত অংশগ্ৰহণ কৰে মেগাষ্টাৰ অমিতাভ বচ্চনে(Amitabh Bachchan) । এঘণ্টাৰ ভিতৰত ২ কোটি গছপুলি ৰোপণ কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ(Guinness Book of World Records)ত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে "গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ"ক অভিনন্দন জনায় অভিনেতাগৰাকীয়ে ।

পয়ালগা স্বাস্থ্য বিভাগ : জহি-খহি যোৱাৰ উপক্ৰম বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ

জহি-খহি যোৱাৰ উপক্ৰম বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰটো ৷ হাবি জংঘলেৰে আৱৰি আছে চিকিৎসালয়খনৰ চৌপাশ । চালকৰ অভাৱত পৰি ৰৈছে দুখনকৈ এম্বুলেঞ্চ ৷ দেখিও নেদেখাৰ ভাও জুৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ এই অভিযোগ কৰিছে বাঘমাৰাবাসীয়ে ৷ স্বাস্থ্য কেন্দ্ৰটোৰ পৰিত্যক্ত অৱস্থাই চকু কপালত তুলিছে এতিয়া সাধাৰণ ৰাইজৰ ৷

বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা

অসম-মিজাোৰাম সীমান্তৰ বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে, এই ভূমিত অসমৰ বেদখল চলিছে ৷ এই মন্তব্য মিজোৰামৰ সাংসদ চি লালৰচাংগাৰ ৷ সীমা বিবাদৰ ঘটনা পুনৰ আৰম্ভ হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী(union home minister )য়ে এই বিবাদৰ নিস্পত্তি কৰিবৰ বাবে হস্তক্ষেপ কৰাৰ বাবে তেওঁ টুইট কৰিছিল বুলি উল্লেখ কৰি অমিত শ্বাহ(Amit Shah)ৰ হস্তক্ষেপক সমৰ্থন কৰে সাংসদ গৰাকীয়ে ৷ ইয়াৰোপৰি, অসম চৰকাৰ তথা অসম আৰক্ষীৰ আগ্ৰাসী মনোভাৱৰ বাবে এনে ঘটনা সংঘটিত হ’ব পালে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

ড৹ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ

মঙলবাৰে ষষ্ঠ সংখ্যক মৃত্যু বাৰ্ষিকীত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম(DR. A P J Abdul Kalam)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু(M Venkaiah Naidu)ৱে । ড০ এ পি জে আব্দুল কালামে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে । ২০১৫ চনৰ আজিৰ দিনটোতে ড০ এ পি জে আব্দুল কালামৰ দেহাৱসান ঘটে ।

হ্ৰাস পালে সোণৰ মূল্য...

সোণৰ আ-অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? তেন্তে পলম নকৰিব ! মঙলবাৰে হ্ৰাস পালে সোণৰ মূল্য(Gold price) । HDFC Securities ৰ মতে, প্ৰতি ১০ গ্ৰাম সোণত ১২৩ টকাকৈ হ্ৰাস পাইছে । একেদৰে প্ৰতি কেজি ৰূপত ২০৬ টকা হ্ৰাস পাইছে ।

অসম-মিজোৰাম সীমান্ত বিবাদক লৈ অমিত শ্বাহক সমালোচনা ৰাহুল গান্ধীৰ

অমিত শ্বাহে দেশবাসীৰ মাজত সৃষ্টি হোৱা ঘৃণা আৰু অন্ধবিশ্বাস আঁতৰোৱাত বিফল হৈছে । যাৰ ফলত ভাৰতে এতিয়া ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব বুলি দাবী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.