ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 30, 2022, 11:06 AM IST

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 11 AM
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Heeraben Modi passed away: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ ১০০ বছৰ বয়সত দেহাৱসান ঘটে (Heeraben Modi passed away) । মাতৃৰ বিয়োগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা এটা হৃদয়স্পৰ্শী টুইট পোষ্ট কৰে ।

Pele passes away: চিৰনিদ্ৰাত দ্য কিং অৱ জগ’ বনিট’

বিংশ শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ পেলেৰ মৃত্যু (Pele passes away)৷ বৃহস্পতিবাৰৰ নিশা সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰে প্ৰয়াত খেলুৱৈগৰাকীৰ জীয়ৰী কেলী নাচচিমেণ্ট’ ই (kely nascimento instagram) ৷

Constituency delimitation in Assam: বিটিআৰত সমষ্টি কৰ্তন হোৱাকলৈ চিন্তিত নহয় ইউ জি ব্ৰহ্ম

সমষ্টি পুনৰ গঠনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ইউ জি ব্ৰহ্মৰ (UG Brahma remarks on constituency delimitation)। তেওঁৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ আগতেই হ'ব লাগিছিল । সমষ্টি পুনৰ গঠন হ'লে বিটিআৰ অঞ্চলত ২ টা লোকসভা আৰু ১৪ টা বিধানসভা সমষ্টি হ'ব । হাগ্ৰামাক পুনৰ সক্ৰিয় হ'বলৈ আহ্বান জনাইছে ।

Reaction on Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে শিৱসাগৰত চাৰি সংগঠনৰ সংবাদমেল

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা ঘোষণা হোৱাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Constituency Delimitation in Assam) । বিভিন্ন ৰাজনৈতিক দলে ইয়াৰ বিৰোধীতা কৰাৰ সমান্তৰালকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধীতা কৰিছে ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠনেও । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধীতাৰে শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে চাৰি সংগঠনে(Many organizations oppose Constituency Delimitation in Assam) ।

Guwahati traffic DCP PC: মহানগৰীত নৱবৰ্ষত কি কি নিৰ্দেশনা মানিব লাগিব আপুনি ?

নৱবৰ্ষ উদযাপনৰ নামত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা বনভোজৰ সময়ত কোনো ধৰণৰ দুৰ্ঘটনা নহয় তাৰ বাবে তৎপৰ হৈছে মহানগৰ আৰক্ষী(Guwahati police action to prevent action) ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ ডিচিপি হিৰণ্য বৰ্মনে(DCP Hiranya Barman) ৷

Rhinos roam free: ঢেকীয়াখোৱাত গঁড়ৰ মুক্ত বিচৰণ

টীয়কৰ পথাৰত দুটা প্ৰাপ্তবয়ষ্ক গঁড়ৰ বিচৰণ (Rhinos roam free) ৷ জনাঞ্চলৰ কাষতে পুৱাৰে পৰা গঁড় দুটাই বিচৰণ কৰি থকাত অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷

Child Dead in Sonitpur : মিছামাৰীৰ বেলশিৰি নদীত সলিলসমাধি 15 মহীয়া কণমানিৰ

শোণিতপুৰ জিলাৰ মিছামাৰীত বৃহস্পতিবাৰে বেলশিৰি নদীত সলিল সমাধি ঘটিল এটি কণমানি শিশুৰ (Child dead at Missamari) ৷ কণমানি শিশুটিৰ পানীত পৰি মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায় (Child sink in river in Sonitpur) । পুৱা প্ৰায় ৯ মান বজাত আৰক্ষী থানাৰ অন্তৰ্গত নিজ গৰুবন্ধা গাঁৱৰ নিৱাসী ইক্ৰামুল হক আৰু মাছুমা খাতুনৰ ১৫ মহীয়া শিশুটিয়ে খেলি থকাৰ সময়তে হঠাৎ ঘৰৰ কাষেৰে বৈ যোৱা বেলশিৰি নদীত(Belsiri River) পৰি যায় আৰু শিশুটিৰ মৃত্যু ঘটে ।

Chinese spy in Bihar: দালাই লামাক অনুসৰণ কৰিবলৈ আহি ধৰা পৰিল চীনা মহিলা চোৰাংচোৱা

বৌদ্ধ ধৰ্মগুৰু দালাই লামাক এগৰাকী চীনা মহিলা চোৰাংচোৱাই অনুসৰণ কৰি থকাৰ তথ্য ৰাজহুৱা হোৱাৰ পিছতে সতৰ্ক হৈ পৰিছিল দেশৰ চোৰাংচোৱা সংস্থাসমূহ ৷ দালাই দালাৰ বিহাৰ ভ্ৰমণৰ সময়তে পোহৰলৈ আহিছিল এই তথ্য ৷ যাক লৈ বিহাৰ আৰক্ষীয়েও জাৰি কৰিছিল সতৰ্কতা ৷ কাৰণ বৰ্তমান বিহাৰত আছে বৌদ্ধ ধৰ্ম গুৰুগৰাকী ৷ আনহাতে, শেহতীয়াকৈ চীনা মহিলাগৰাকীক বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

Misamari murder case: পত্নীহত্যাৰ অভিযোগত গ্ৰেপ্তাৰ স্বামী

শোণিতপুৰ জিলাৰ মিছামাৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা(Brutal murder case in Misamari) । স্বামীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে বৃদ্ধা পত্নীয়ে । ২৬ ডিচেম্বৰৰ নিশা মিছামাৰীৰ মাধুৰীবিল গাঁৱত সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনাটো(Horrific murder in Misamari) । ঘটনাৰ বিৱৰণী অনুসৰি বেলশিৰি আৰক্ষী চকীৰ অন্তৰ্গত মাধুৰীবল গাঁৱৰ নিৱাসী জহন কেৰকেটাৰ পত্নী আলমা কেৰকেটাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ।

Ban on Mayudia pass Visit : অৰুণাচলৰ বৰফৰ পাহাৰ মায়োদিয়ালৈ পৰ্যটক নিষিদ্ধ

অৰুণাচলৰ বৰফৰ পাহাৰ মায়োদিয়া পৰ্যটকৰ বাবে নিষিদ্ধ ৷ বতৰৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে অতিমাত্ৰা বৰফ পৰিছে পথত ৷ ফলত ব্যপক হাৰত অৱনতি ঘটিছে পথ-ব্যৱস্থা (Tourist prohibited at Mayudia pass) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.