ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি - 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 14, 2022, 1:02 PM IST

বিজেপিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ জাকিৰ হুছেইন শিকদাৰৰ

নলবাৰীৰ মুকালমুৱাত শনিবাৰে কংগ্ৰেছ দলৰ দ্বাৰা অনুষ্ঠিত কৰা হয় স্বাধীনতাৰ গৌৰৱময় যাত্ৰা । এই যাত্ৰাত অংশ লৈ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে দেশৰ জনতাই বিজেপিক তৃতীয়বাৰৰ বাবে শাসনত বহুৱাব বিচৰা নাই বুলি মন্তব্য কৰে (Jakir Hussain Sikdar on BJP)৷

এখন ক'লা ৰঙৰ বাহনলৈ লক্ষ্য কৰি তিনিচুকীয়া আৰক্ষীৰ গুলীচলনা

দেওবাৰ পুৱতি নিশা তিনিচুকীয়াত সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা (Police firing in Tinsukia) । চলন্ত গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ । আৰক্ষীয়ে ৰখিবলৈ নিৰ্দেশ দিয়াৰ পাচতো নিৰ্দেশ নামানি পলায়ন কৰাৰ বাবে গুলীচালনা বুলি জানিব পৰা গৈছে ।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত পিষ্টলসহ এজনক আটক

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Years of Independence)লৈ মাজত মাত্ৰ কেইটিমান ক্ষণ । তাৰ মাজতে প্ৰতিটো প্ৰান্ততে আৰক্ষী প্ৰশাসনে চলাইছে নিচিদ্ৰ তালাচী । সোণাৰিত আৰক্ষীয়ে তালাচী চলাই এটা পিষ্টলসহ আটক কৰে এজন লোকক(Man arrested with point 22 pistol) ।

তিনিচুকীয়াত আলফাৰ লিংকমেনৰ সন্দেহত ৪ জনক আটক

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কটকটীয়া নিৰাপত্তা বেষ্টনী তিনিচুকীয়া জিলাত । তালাচী অভিযানৰ মাজত আৰক্ষীয়ে আটক কৰে ৪ সন্দেহজনক আলফা(স্বা)ৰ লিংকমেন (Suspected ULFA linkman detained in Tinsukia)। তিনিচুকীয়া সদৰ থানাত আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

মানৱ শৃংখলৰে প্ৰতীক চিহ্ন বনাই আজাদী কা অমৃত মহোৎসৱ

ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পূৰ্তি উপলক্ষে এতিয়া সমগ্ৰ দেশতে আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) পালন কৰা হৈছে ।হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অসম ৰাইফলছৰ জোৱানে শনিবাৰে মানৱ শৃংখলৰ জৰিয়তে আজাদী কা অমৃত মহোৎসৱৰ প্ৰতীক চিহ্ন বনাই এক অনবদ্য প্ৰদৰ্শন কৰে ।

গৃহৰক্ষী বাহিনীৰ দৰমহা বৃদ্ধিৰ নিৰ্দেশ তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ দাবী

অসমৰ গৃহৰক্ষী জোৱানলৈ ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা কৰাৰ বাবে সোমবাৰে নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে (High Court orders hike in wages of Assam Home Guards)। ৩০ দিনৰ ভিতৰত এই ৰায়টো কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । ইয়াৰ পাছতেই শনিবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই ৷

শোণিতপুৰত অসম ৰাইফলছৰ উদ্যোগত বাইক ৰেলী

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে শোণিতপুৰৰ লখৰাত অসম ৰাইফলছৰ উদ্যোগত উলিওৱা হৈছে বাইক ৰেলী (Assam Rifles bike rally at Sonitpur)। ৪০ খন বাইকেৰে বালিপাৰা, ৰঙাপৰা, মিছন চাৰিআলি আৰু তেজপুৰ চহৰকে ধৰি শোণিতপুৰ জিলাৰ সকলো মুখ্য সংযোগস্থল সামৰি ৬০ কিলোমিটাৰ দূৰত্ব সামৰি লয় এই বাইক ৰেলীয়ে । গুপ্তকাশী বিশ্বনাথঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত যন্ত্ৰ চালিত নাৱৰ জৰিয়তে জাতীয় পতাকা লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি ।

অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক হোৱাৰ ঘোষণা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sarma)কয় যে বুৰঞ্জী নজনাৰ বাবেই জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে । আমি আমাৰ ইতিহাস নজনাৰ বাবে বিতৰ্কিত কথাৰে পৰিৱেশ বিনষ্ট কৰো । এইখন অসমতে পৃথুৰ দৰে ৰজা আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া বুৰঞ্জীৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহিছে ।

২০২৩ৰ নিৰ্বাচনৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

আগন্তুক ২০২৩ চনত চুবুৰীয়া মেঘালয় ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে (Conrad Sangma Commented on the upcoming 2023 elections)৷ তেও কয়, ‘‘কোনো এখন ৰাজ্যতে আমাৰ আন কোনো দলৰ সৈতে কেতিয়াও মিত্ৰতা নাছিল ৷ বৰ্তমান আমাৰ ৰাজ্যৰ বাবে বিশেষ নীতি নাই, বিজেপিৰ সৈতেও বিশেষ স্থিতি নাই’’ ৷

ধুবুৰীত ত্ৰিৰংগ পতাকাৰে উজলিল ব্ৰহ্মপুত্ৰৰ বুকু

স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav) উদযাপনৰ অংশ হিচাপে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত দেখা গ'ল এক নয়নাভিৰাম নৌকা সমদল ৷ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga) কাৰ্যসূচী আৰম্ভ হোৱাৰ দিনটোতে মেৰাইন ইঞ্জিনযুক্ত ৭৫খন সু-সজ্জিত নৌকাই প্ৰায় এঘন্টাৰো অধিক সময় বৰলুইতৰ বুকুত সমদল কৰি বিলাই যায় স্বাধীনতাৰ গৌৰৱগাঁথা (Tricolour boat ride in Brahmaputra) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.