ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 1 PM

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 24, 2022, 1:00 PM IST

Bapeta Advocate Murder Case : দহ দিনৰ আৰক্ষীৰ জিম্মাত দুই অভিযুক্ত

ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত (Advocate murder in Barpeta) ৷ উক্ত হত্যাকাণ্ডত ব্যৱহাৰ কৰা সামগ্ৰী তথা চোকা অস্ত্ৰৰ সন্ধানত আৰক্ষীয়ে বুধবাৰে অনুসন্ধান চলাই বিলৰটাৰী হাটীৰ সমীপৰ মৰানদীৰ পাৰত ৷ বৰপেটা-ভেল্লা সংযোগী পথৰ কাষতে থকা এই নদীৰ পাৰৰ পৰা কোনো ধৰণৰ তেনে সামগ্ৰী উদ্ধাৰত ব্যৰ্থ হয় আৰক্ষীৰ দলটো ৷

World TB Day: যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত দুখন জিলাই গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ

বিশ্ব যক্ষ্মা দিৱসে অসমৰ বাবে কঢ়িয়াই আনিছে গৌৰৱ । যক্ষ্মা মুক্ত স্থিতিৰ দিশত "ব্ৰঞ্জ" পদৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুখন জিলা(Sub-National Certification towards TB Free Status) ৷ 24 মাৰ্চত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক প্ৰদান কৰিব এই বঁটা ।

Woman killed in Guwahati: যৌতুকৰ বাবেই স্বামীয়ে হত্য়া কৰিলে পত্নীক !

স্বামীগৃহত নিৰ্যাতিত গীতাশ্ৰী হাজৰিকা তালুকদাৰ জিএমচিএইচত মৃত্যু ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে দুৰ্ভগীয়া গীতাশ্ৰীয়ে । মহানগৰীৰ ফটাশীল আমবাৰীৰ চেগুনবাৰীত যৌতুকৰ বাবেই পত্নীক হত্যাৰ অভিযোগ ।

নিজ সমষ্টিত সংঘটিত হত্যাকাণ্ডৰ পুনৰ তদন্তৰ দাবী এগৰাকী বিধায়িকাৰ

চিপিআই(এম)ৰ চৰকাৰৰ দিনত ত্ৰিপুৰাৰ বধৰঘাট সমষ্টিত সংঘটিত হৈছিল প্ৰায় ২৬ টা হত্যাকাণ্ড । সেই ঘটনাবোৰৰ গোচৰ পুনৰ আৰম্ভ কৰাৰ দাবী শাসকীয় দলৰ বিধায়িকা মিমি মজুমদাৰৰ (BJP MLA demands to reopen murder case files for investigation)। বাওঁমৰ্চাৰ চৰকাৰৰ দিনত আইন-শৃংখলা ক'ত আছিল বুলিও প্ৰশ্ন কৰে বিধায়িকাগৰাকীয়ে ।

বিহুৰ মাজতে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাকলৈ সৰৱ প্ৰদেশ কংগ্ৰেছ

১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ৷ ২১ এপ্ৰিলত সম্পূৰ্ণ হ'ব ভোটগণনা ৷ কিন্তু গুৱাহাটী পৌৰ নিগমৰ নিৰ্ব‍াচনৰ দিন ঘোষণাকলৈ সন্তুষ্ট নহয় প্ৰদেশ কংগ্ৰেছ ৷ বিহুত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছৰ (APCC reacts to holding GMC elections between Bihu) ৷

দুই সোণাৰিসহ ৰঙাঘৰত সোমাল গহনা চোৰ

আৰক্ষীৰ জালত পৰিল কাকপথাৰৰ সোণ চুৰিকাণ্ডৰ লগত জড়িত মাষ্টাৰমাইণ্ডসহ দুই সহযোগী (Kakopathar police arrest a gold thief)৷ 17 ফেব্ৰুৱাৰীৰ দিনা 1 নং সৰু ডিৰাকৰ দিপ্তী মৰাণ চেতিয়াৰ ঘৰৰ পৰা মানুহ নথকাৰ সুযোগ লৈ চেইন, নেকলেচ, লকেট, খাৰু, ফুলিকে ধৰি মুঠ 9 তোলা সোণ চুৰি কৰিছিল মাষ্টাৰমাইণ্ড অনুপ ফুকনে (Jewelry theft in Kakopathar) ৷ নিজ মুখে এই কথা স্বীকাৰ কৰিছে আটকাধীন অনুপ ফুকনে ৷

আমগুৰিত গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

আমগুৰিৰ দুখনকৈ গাঁওৰক্ষী বাহিনীৰ বৃহৎ সফলতা ৷ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ লক্ষ্যাধিক টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী (Psychotropic substances seized at Amguri)৷

CAG report: নাগালেণ্ড চৰকাৰৰ বিভিন্ন বিভাগত ২০৭ কোটি টকা আত্মসাৎ

নাগালেণ্ডৰ বিভিন্ন বিভাগত সংঘটিত দুৰ্নীতি সম্পৰ্কে কেগৰ(CAG) প্ৰতিবেদন । এই প্ৰতিবেদন অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্যখনত ২০৭ কোটি টকাৰ লুণ্ঠন হৈছে (207 crore was embezzled in Nagaland)। ইয়াৰে সৰ্বাধিক শিক্ষা বিভাগত ৮২.৭৯ কোটি টকা আত্মসাৎ কৰাৰ দুটা গোচৰ আছে ।

পুষ্কৰ সিং ধামীৰ শপত গ্ৰহণ অনুষ্ঠানত বিপ্লৱ দেৱে কৰিলে এই মন্তব্য

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত (Oath taking ceremony of uttarakhand cm puskar singh dhami) বুধবাৰে উপস্থিত আছিল দেশৰ প্ৰায় সমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰী । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱো উপস্থিত আছিল অনুষ্ঠানটোত (Tripura CM in Uttarakhand )। ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয় যে, উত্তৰাখণ্ডৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিজেপিক আশীৰ্বাদ দিছে । তেওঁ কৈছিল পুষ্কৰ সিং ধামীয়ে উত্তৰাখণ্ডক এক নতুন মাত্ৰালৈ লৈ যাব ।

বনভূমিত ভূমি পট্টাৰ বাবে অজনজাতীয় লোকে দেখুৱাব লাগিব 75 বছৰৰ আৱাসিক প্ৰমাণ পত্ৰ

বনভূমিত ভূমি পট্টা প্ৰদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ অজনজাতীয় লোকে 75 বছৰ বসবাস কৰাৰ প্ৰমাণ পত্ৰ দাখিল কৰিলেহে বনভূমিত ভূমি পট্টা লাভ কৰিব (Residential certificate for land Patta in forest land)৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.