ETV Bharat / state

উন্নয়নৰ প্ৰভাৱ নপৰা অসমৰ একমাত্ৰ গাঁওখন

author img

By

Published : Jul 13, 2019, 10:12 AM IST

স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচটো কোনোধৰণৰ উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও ৷ এইখন অসমৰে বাক্সা জিলাত অৱস্থিত সেইখন গাঁৱত নাই কোনো চৰকাৰী আঁচনিৰ প্ৰভাৱ কিম্বা সুৰক্ষিত আন্তঃগাথনি ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ 1নং জামুগুৰি আদিবাসী গাঁৱখনত আজিলৈ কিয় হোৱা নাই উন্নয়ন, চৰকাৰী প্ৰতিনিধিয়ে কিয় নলয় খবৰ ?

উন্নয়নৰ প্ৰভাৱ নপৰা অসমৰ একমাত্ৰ গাঁওখন

তামুলপুৰ, 13 জুলাইঃ স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচটো আধুনিকতাৰ কোনো পৰশ পৰা নাই গাঁৱখনত ৷ কোনোধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নোপোৱা গাঁৱবাসীয়ে নাজানে কোন তেঁওলোকৰ চৰকাৰী প্ৰতিনিধি ৷ একমাত্ৰ নিৰ্বাচনৰ সময়ত তেঁওলোকে প্ৰত্যক্ষ কৰে কেইখনমান মুখ আৰু নিৰ্বাচনৰ পিচতেই হেৰাই যায়, সেইসমূহ মুখ ৷

এইখন অসমতে আছে এনেকুৱা এখন গাঁও যিখন গাঁৱত আজিলৈকে প্ৰভাৱ পৰা নাই আধুনিকতাৰ ৷ বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টি তথা বিটিচিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ অধীনৰ গাঁওখন হৈছে 1নং জামুগুৰি আদিবাসী গাঁও ৷

গাঁৱখনত আজিলৈকে স্থাপন নহ'ল এখন সাধাৰণ দলং ৷ পকী দলঙৰ সপোন বহুদুৰ সাধাৰণ কাঠৰ দলং এখনো নাই গাঁৱখনত ৷ গাঁৱখনৰ মুল সংযোগী পথটোত আছে দুখনকৈ বাঁহৰ দলং ৷ ইয়াৰ উপৰিও গাঁৱখনত নাই এটা সুৱল পকী পথ ৷ স্বাধীনতাৰ পিচৰে পৰাই এইদৰে শাসকগোষ্ঠীৰ শোষণৰ বলি হৈ অহা গাঁৱবাসীয়ে আজিলৈকে বোকা পানী গছকিয়ে জীৱনৰ যাত্ৰা অব্যাহত ৰাখিছে ৷ জীৱন ধাৰণৰ নূন্যতম সুবিধাখিনিও উপলব্ধ নাই গাঁৱখনত ৷ এতিয়াও মাটিৰ ঘৰতে বাস কৰাৰ লগতে নাই উপযুক্ত শৌচাগাৰ, বিদ্যালয় তথা বিদ্যুতৰ সুবিধা ৷

যিটো সময়ত মডেল বিটিচিৰ কথা কৈ থকা হৈছে সেই সময়ত বিটিচিৰ এইখন গাঁৱে প্ৰমাণ কৰিছে হাগ্ৰামাৰ সীমাহীন দুৰ্নীতি ৷ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যিক চৰকাৰে প্ৰদান কৰা কোটি কোটি টকা জনসাধাৰণৰ কামত খৰচ কৰাৰ বিপৰীতে নিজৰ জেপত সোমোৱাৰ অভিযোগ উত্থাপন হৈছে হাগ্ৰামাৰ বিৰুদ্ধে ৷ ইয়াৰ উপৰিও কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰনীয়াৰ বিৰুদ্ধেও উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ ৷ দ্বিতীয়বাৰৰ বাবে সমষ্টিটোৰ পৰা সাংসদ নিৰ্বাচিত হোৱা নৱ শৰনীয়াই আজিলৈকে দেখাই নাই গাঁৱখনৰ মুখ ৷

স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো গাঁৱখনে লাভ কৰা নাই কোনো চৰকাৰী আঁচনিৰ সুবিধা ৷ বছৰ বছৰ ধৰি এইদৰে চৰকাৰী বঞ্চনাৰ বলি হৈ আছে গাঁৱবাসী ৷ অভিযোগ অনুসৰি, নিৰ্বাচনৰ সময়ত বিভিন্ন দলে গাঁৱখনত গৈ বিভিন্ন প্ৰতিশ্ৰুতি দি ভোট আদায় কৰে যদিও নিৰ্বাচন শেষ হলেই পাহৰি যায় গাঁৱবাসীৰ দুখ-দুৰ্দশাৰ কথা ৷ গাঁৱখনৰ সমস্যাসমুহ সমাধান কৰি দিবলৈ বাৰম্বাৰ দাবী জনোৱাৰ পিচতো চৰকাৰী কৰ্তৃপক্ষ অথবা জনপ্ৰতিনিধিসকলে আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

Intro:বাক্সাৰ এখন চৰকাৰী আচনীয়ে ঢুকি নোপোৱা গাওঁ ।Body: চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও ৷ স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো বঞ্চিত চৰকাৰী উন্নয়নমুলক আঁচনি লাভৰ পৰা ৷ হয় ! এই গাঁওখনৰ নাম হৈছে ১ নং জামুগুৰি আদিবাসী গাঁও ৷ বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টি তথা বিটিচিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই গাঁওখনৰ লোকসকলে যাতায়ত কৰিবলৈ নাই এটা ভাল পথ ৷ বোকা পানী গচকিয়ে যাতায়ত কৰে গাঁওখনৰ বাসিন্দাসকলে ৷ একমাত্ৰ বোকাময় পথটোত আছে দুখনকৈ বাঁহৰ দলং ৷ প্ৰতি বছৰে ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰে বাঁহৰ দলং দুখন ৷ নিৰ্বাচন আহে আৰু যায় ৷ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ থাকে ৷ কেৱল সেয়ে নহয় আদিবাসী জনগোষ্ঠীৰ এই লোকসকলে আজিলৈকে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ৷Conclusion:স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো গাঁওখনত নাই কোনো চৰকাৰী আঁচনি ৷ বছৰ বছৰ ধৰি গাঁওবাসী চৰকাৰী বঞ্চনাৰ বলি হৈ আছে ৷ অভিযোগ অনুসৰি নিৰ্বাচনৰ সময়ত বিভিন্ন দলে গাঁওখনত গৈ বিভুন্ন প্ৰতিশ্ৰুতি দি ভোট আদায় কৰে যদিও নিৰ্বাচন শেষ হলেই পাহৰি যায় গাঁওবাসীৰ দুখ দূৰ্দশাৰ কথা ৷ গাঁওখনৰ সমস্যা সমুহ সমাধান কৰি দিবলৈ বাৰম্বাৰ দাবী জনোৱাৰ পিচতো চৰকাৰী কৰ্তৃপক্ষ অথবা জনপ্ৰতিনিধি সকলে কোনো গুৰুত্ব দিয়া নাই ৷
বাইট---- স্থানীয় লোক ৷

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.