ETV Bharat / state

বেঁকী নৈত জাহ যোৱাৰ উপক্ৰম ১১৫ বছৰীয়া শংকৰ-মাধৱ সত্ৰ

author img

By

Published : Jun 11, 2021, 10:38 PM IST

বেঁকী নৈৰ গৰা খহনীয়াত জাহ যোৱাৰ উপক্ৰম বাক্সা জিলাৰ গোৱৰ্ধনাৰ ১১৫ বছৰীয়া শংকৰ-মাধৱ সত্ৰ ৷ চৰকাৰে বেঁকী নৈৰ পৰা দিনে ৰাতি শিল-বালি কঢ়িওৱাৰ ফলতে সত্ৰখনৰ লগতে অঞ্চলটো বেঁকী নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে বুলি গুৰুতৰ অভিযোগ কৰিছে সত্ৰ খনৰ বুঢ়া আতা দধী মোহন দাসে ৷

The deep erosion of the beki river in Baksha District
বেঁকী নৈত জাহ যোৱাৰ উপক্ৰম ১১৫ বছৰীয়া শংকৰ-মাধৱ সত্ৰ

বাক্সা,11 জুন : বেঁকী নৈৰ গৰা খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা স্থিত ১১৫ বছৰীয়া ঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ ৷ সম্প্ৰতি সত্ৰখনৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰৈত বেঁকী নৈয়ে অৱস্থান কৰাত শংকিত হৈ পৰিছে সত্ৰখনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত স্থানীয় লোকৰ লগতে নৈপৰীয়া ৰাইজ ৷

শ্ৰী শ্ৰীশংকৰ মাধৱ গোৱৰ্ধনা শত্ৰৰ বুঢ়া আতা দধীমোহন দাসে জানিবলৈ দিয়া মতে, চৰকাৰে বেঁকী নৈৰ খহনীয়া ৰোধ কৰাৰ বাবে এতিয়ালৈ কোনো ব্যৱস্থা নকৰাৰ ফলতে আজি নৈখনে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰিছে ৷ চৰকাৰে ৰাজহ সংগ্ৰহৰ কাৰণে এই নৈ খনৰ পৰা শিল বালি দিনে ৰাতি কঢ়িয়াই লৈ যায় কিন্তু নৈৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ সুৰক্ষাৰ কাৰণে কোনো ব্যৱস্থাই নকৰিলে বুলি অভিযোগ কৰিছে ৰাইজে ৷ যাৰ ফলত কেইবাখনো গাঁৱৰ লগতে অঞ্চলটোৰ বিদ্যালয়কে ধৰি অংগনাবাড়ী কেন্দ্ৰ উচন হোৱাৰ লগতে ঐতিহ্যমণ্ডিত ১৯০৬ চনত স্থাপন কৰা শ্ৰী শ্ৰীশংকৰ-মাধৱ গোৱৰ্ধনা সত্ৰ জাহ যোৱাৰ উপক্ৰম হৈছে ৷

নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক আহ্বান জনাইছে ৷ ইফালে বিটিআৰ চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে জিঅ' বেগৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে সত্ৰখনৰ বুঢ়া আতা দধী মোহন দাসে ৷ অতি শীঘ্ৰেই ঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰখনৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজক বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছে ৷

লগতে পঢ়ক-শিক্ষকতা বৃত্তিক কলুষিত কৰি থানাৰ আলহী হ'ল শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.