ETV Bharat / state

বাক্সাৰ বাথৌ মন্দিৰত চুৰি কাণ্ড - বাক্সা জিলা

শুকুৰবাৰে নিশা বাক্সাৰ বৰবৰীস্থিত বাথৌ মন্দিৰত লুট-পাত । চোৰে লুটি নিলে ভক্তই আগবঢ়োৱা সোণ-ৰূপৰ চেইন, সোণৰ বেলপাত আৰু নগদ ধন । চুৰিকাণ্ড সন্দৰ্ভত বৰবৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মন্দিৰ কমিটিয়ে ।

বাক্সা জিলাৰ বৰবৰীস্থিত বাথৌ মন্দিৰত চোৰৰ লুট-পাত

author img

By

Published : Mar 13, 2021, 2:57 PM IST

বাক্সা,১৩ মাৰ্চ: এইবাৰ চোৰৰ টাৰ্গেট বাথৌ মন্দিৰ । বাক্সাৰ বৰবৰীস্থিত বাথৌ মন্দিৰত শুকুৰবাৰে নিশা চোৰে চলালে চাফাই অভিযান । গভাইত চোৰে লুটি নিলে দান হিচাপে ভক্তই আগবঢ়োৱা লক্ষাধিক টকাৰ মূল্যৱান সামগ্ৰীৰ লগতে দানপাত্ৰৰ ধন । নিশা চোৰে তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰে আৰু লুটপাত চলায় ।

ভক্তই আগবঢ়োৱা সোণ-ৰূপৰ চোইন, সোণৰ বেলপাত আৰু নগদ ধন মন্দিৰৰ আলমিৰাত সযতনে ৰখা হৈছিল । চোৰে এই সকলোবোৰ লুটি নিয়ে । লগতে মন্দিৰৰ বাহিৰত থকা দানপাত্ৰৰ পৰা দান-বৰঙণিৰ ধন লৈ যায় আৰু দানপাত্ৰটো দূৰৈত নি পেলাই দিয়ে । বৰবৰী বাথৌ মন্দিৰ কমিটিয়ে জানিবলৈ দিয়া মতে, ১৯৮৫ চনতে এই মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল ৷ তেতিয়াৰে পৰা ৰাইজে দান-বৰঙণি আগবঢ়াই আহিছে ।

বাক্সাৰ বৰবৰীস্থিত বাথৌ মন্দিৰত লুট-পাত

প্ৰতিষ্ঠাৰ পিছত প্ৰথমবাৰৰ বাবে শুকুৰবাৰে নিশা বাথৌ মন্দিৰত চুৰিকাণ্ড সংঘটিত হয় । সম্প্ৰতি বৰবৰী আৰক্ষী থানাত মন্দিৰ কমিটিয়ে এখন এজাহাৰ দাখিল কৰিছে ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । আনহাতে, বৰবৰী আৰক্ষী থানাৰ কাষতে বাথৌ মন্দিৰত চোৰে লুটপাত চলোৱাত অঞ্চলবাসীয়ে এতিয়া নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক: দিছপুৰ সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কন্ঠ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.