বাক্সা, 10 নৱেম্বৰঃ বাক্সাৰ এগৰাকী টেট শিক্ষকৰ পৰিয়াললৈ হঠাতে নামি আহিল ঘোৰ অমানিশা ৷ টকাৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নোৱাৰি কৰুণ মৃত্যুক সাৱতি ল'লে বাক্সাৰ পলাশগুৰীৰ সৰ্বানন্দ নাথ নামৰ টেট শিক্ষকগৰাকীয়ে ৷
উল্লেখ্য যে, 2015 চনত স্বায়ত্ব শাসিত অঞ্চলৰ পৰা অনুস্থিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হৈ বাক্সাৰ আহোপা হাইস্কুলত যোগদান কৰিছিল সৰ্বানন্দ নাথে ৷ কিন্তু মাহিলি 8000 টকা হাৰত দৰমহা লাভ কৰা শিক্ষকগৰাকীয়ে 2017 চনৰ জুন মাহৰ পৰা লাভ কৰা নাছিল ন্যুনতম দৰমহাখিনিও ৷ অৰ্থৰ অভাৱত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা সৰ্বানন্দ নাথে চিকিৎসা অবিহনেই মৃত্যক সাৱটি ল'বলগীয়া ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷ আনহাতে স্বামীক অকালতে হেৰুৱাই একপ্ৰকাৰ দিক-বিদিক হেৰুৱাইছে সৰ্বানন্দ নাথৰ পত্নীয়ে ৷ সেয়েহে তেওঁ স্বামীৰ লগতে দৰমহাৰ পৰা বঞ্চিত হৈ থকা ৰাজ্যৰ আন আন টেট শিক্ষকৰ ন্যায়ৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ৷