বাক্সা, 25 এপ্ৰিল : বাক্সা জিলাৰ তামুলপুৰ-অঞ্চলটোৰ নামটোৰ সাৰ্থকতাত প্ৰমাণ কৰিবলৈ যেন ওলাই আহিছে একাংশ তামুলপুৰবাসী ৷
তামুলপুৰত বসবাস কৰা সকলো লোকৰ ঘৰৰ বাৰীত আছে তামোলৰ শাৰী শাৰী গছ । এই তামোলৰ ব্যৱসায়ৰ জৰিয়তে তামুলপুৰৰ বহু লোকে উপাৰ্জনৰ বাট মুকলি কৰিছে ৷ নাগ্ৰীজুলী,গুৱাবাৰী,কাউলী, বৃহত্তৰ বগাজুলী আদি অঞ্চলত তামোল বিক্ৰি কৰি 60 হাজাৰৰ পৰা 5 লাখলৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে একো একোটা পৰিয়ালে । কিছু সংখ্যক লোকে গোটা তামোলকে প্ৰতি কুইন্টলৰ হিচাপত বিক্ৰী কৰি 3 হাজাৰ টকালৈকে লাভ কৰে ।
লগতে পঢ়ক : ধান নহয় মোনে মোনে ওলাইছে পতান, কৃষকৰ আশাত চেঁচাপানী ঢালিলে কোনে ?
আনহাতে কিছুসংখ্যক লোকে চুপাৰি ব্যৱসায় কৰি প্ৰতি কিলোগ্ৰামত 250 টকালৈকে লাভ কৰিছে ৷ জানিব পৰা মতে একাংশ বৰপেটাৰ ব্যৱসায়ীয়ে আহি এই অঞ্চলৰ তামোল সমূহ ক্ৰয় কৰে । তদুপৰি একাংশ গৰাকীয়ে নিজেও বজাৰত বিক্ৰী কৰে ৷ অনাগত দিনত তামুলপুৰৰ অৰ্থনৈতিক ক্ষেত্ৰখনত তামোলে অনন্য অৱদান আগবঢ়োৱাৰ নিশ্চয় থল আছে ৷