বৰমা, ২৩ নবেম্বৰঃ বাক্সাৰ শালবাৰীৰ বজাৰত "হিন্দু জাগৰণ মঞ্চ অসম" বাক্সা জিলা সমিতিৰ উদ্যোগত আৰু শালবাৰীৰ আঞ্চলিক সমিতিৰ সহযোগত সোমবাৰে এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয় । সংগঠনটোৰ সদস্য সকলে হাতে হাতে ঝাডু লৈ শালবাৰীৰ বজাৰ খন স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত এই কাৰ্যসূচী ৰূপায়ন কৰে ৷
উল্লেখ্য যে, লাচিত দিৱসৰ লগত সংগতি ৰাখি সোমবাৰৰ পৰা দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে । ইফালে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ উপলক্ষে মঙলবাৰে শালবাৰীৰ পৰা সৰুপেটালৈ এক মটৰ চাইকেল সমদল উলিওৱা কথাও সাংবাদিকৰ আগত সদৰি কৰে সংগঠনটোৰ নেতৃত্বয় ৷