ETV Bharat / state

Bride commits suicide on wedding day: বিয়াৰ এদিন পূৰ্বে অতি ৰহস্যজনকভাৱে আত্মহত্যা কন্যাৰ

গোৰেশ্বৰৰ ৰাম গাঁৱত অঘটন ৷ বিয়াৰ এদিন পূৰ্বে অতি ৰহস্যজনকভাৱে আত্মহত্যা কন্যাৰ (Bride commits suicide on wedding day) ৷ কন্যাৰ আত্মহত্যাক কেন্দ্ৰ কৰি আৰক্ষীৰ জালত পৰিছে দৰা ৷

Bride suicide case
বিয়াৰ এদিন পূৰ্বে অতি ৰহস্যজনকভাৱে আত্মহত্যা কন্যাৰ
author img

By

Published : Feb 24, 2022, 9:15 PM IST

তামুলপুৰ, 24 ফেব্ৰুৱাৰী : দিন-বাৰ সকলো ঠিক হ’ল ৷ আৰম্ভ হ’ল দুখন ঘৰৰ মাজত আহ-যাহ ৷ সকলোৰে মনতো যেন এক অপাৰ আনন্দ ৷ কিয়নো বিয়াত বহিবলৈ আগবাঢ়িছে তেওঁলোকৰ মৰমৰ অনিতা শীলে ৷

উদূলি-মুদূলি অনিতা আৰু অৰূপৰ ঘৰ ৷ এজন-দুজনকৈ আহিছে অতিথিও ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে বিয়াৰ প্ৰস্তুতি ৷

কিন্তু এয়া কি...হঠাৎ কি হ’ল অনিতাৰ ? ক’ত আছে অৰুপ ? বিয়াৰ পূৰ্বেই কিয় অনিতাই ল’লে এই সিদ্ধান্ত ?

এতিয়া আহিছো ঘটনাৰ মাজলৈ ৷ ঘটনাৰ স্থান তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰাম গাঁও ৷ বিয়াৰ এদিন পূৰ্বে অতি ৰহস্যজনকভাৱে আত্মহত্যা কৰে 26 বছৰীয়া কন্যা অনিতা শীলে (Bride commits suicide on wedding day) ৷

বিয়াৰ এদিন পূৰ্বে অতি ৰহস্যজনকভাৱে আত্মহত্যা কন্যাৰ

অনিতা শীলৰ পৰিয়ালৰ দাবী, অৰূপ শীলে হত্যা কৰিছে ২৬ বছৰীয়া অনিতা শীলক ৷ অৰূপ শীল হৈছে মৃত অনিতা শীলৰ হ’ব লগা স্বামী ৷ গুৰুত্বপূৰ্ণ কথা যে, তামুলপুৰৰ দ্বাৰকুছিৰ নৃপেন শীলৰ কন্যা অনিতা শীলে বিগত ২ ডিচেম্বৰত ভাৰতীয় সেনা বাহিনীত কৰ্মৰত গোৰেশ্বৰ ৰামগাঁৱৰ অৰূপ শীলৰ সৈতে প্ৰেমসূত্ৰে পলাই আহিছিল ৷

পলুৱাই অনাৰ দিন ধৰি গোৰেশ্বৰৰ ৰামগাঁৱৰ অৰূপ শীলৰ ঘৰতে আছিল অনিতা শীল ৷ সকলো ঠিকেই আছিল ৷ দুয়োখনৰ ঘৰৰ সন্মতি ক্ৰমে 25 ফেব্ৰুৱাৰীত অনিতা-অৰূপৰ আনুষ্ঠানিক বিয়াৰ দিনো ধাৰ্য কৰা হৈছিল ৷

কিন্তু পৰিতাপৰ কথা যে, বিয়াৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে পুৱা অৰূপ শীলৰ বাসগৃহকে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় অনিতা শীলক ৷ বিয়াৰ এদিন পূৰ্বে অনিতাৰ মৃত্যুৰ বাতৰি পোৱাত দোষত ভাগি পৰে অনিতাৰ পৰিয়াল ৷ অনিতাৰ পৰিয়ালৰ দাবী, অৰূপ শীলে অনিতাক হত্যা কৰি ইয়াক আত্মহত্যাৰ ৰূপ দিয়া হৈছে (Suspicious murder at Goreswar) ৷ এই ঘটনাৰ লগত জড়িত আছে অৰূপ শীলৰ পৰিয়ালো ৷

ইফালে ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ আটক কৰে অৰূপ শীলক ৷ স্থানীয় ৰাইজৰ লগতে সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেদাৰেচনেও দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে গোৰেশ্বৰ আৰক্ষীক দাবী জনাইছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে এক শোকৰ ছাঁ ৷

লগতে পঢ়ক : ভগ্নীক অন্তঃসত্ত্বা কৰাৰ গোচৰত ভাতৃক ২০ বছৰৰ কাৰাদণ্ড ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.