ETV Bharat / state

Students Protest in Baksa : বাক্সাত শিক্ষা পৰা বঞ্চিত আৱাসিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ - উত্তাল প্ৰতিবাদ

বাক্সা জিলাৰ দলবাৰীস্থিত একলব্য কেন্দ্ৰীয় আৱাসিক বিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদ ৷ দীৰ্ঘদিন ধৰি বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা লৈ বঞ্চিত হৈ থকাৰ অভিযোগ ৷

Students Protest in Baksa
একলব্য কেন্দ্ৰীয় আৱাসিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:19 PM IST

ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

বাক্সা, 14 ছেপ্টেম্বৰ : ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদত কঁপিল বাক্সাৰ বৰমা ৷ বাক্সা জিলাৰ দলবাৰীস্থিত একলব্য কেন্দ্ৰীয় আৱাসিক বিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ- ছাত্ৰীয়ে কঁপালে বৰমাৰ ৰাজপথ ৷ বৰমাৰ ৰাজপথত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ ৷ বাক্সা জিলা আয়ুক্ত মাচান্দা পাৰ্টিনৰ লগতে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং সহিতে কেইবাজনো বিষয়াই ছাত্ৰ- ছাত্ৰী সকলক বুজনি দিবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷

উল্লেখ্য যে বাক্সা জিলাৰ দলবাৰীত অৱস্থিত একলব্য কেন্দ্ৰীয় আৱাসিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দীৰ্ঘদিন ধৰি বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা লৈ বঞ্চিত হৈ থকাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ ৷ ফলত বৃহস্পতিবাৰে বহুদিন ধৰি পাঠ গ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ- ছাত্ৰীসকল উত্তেজিত হৈ পৰে ৷ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ পৰা ওলাই আহি ৰাজপথেৰে সমদল কৰে ৷ আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদী কাৰ্যসূচী লোৱা ছাত্ৰ-ছাত্ৰী সকলে বাক্সাৰ জিলা আয়ুক্ত আৰু বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সন্মুখতে ডিচি মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, শিক্ষা বিভাগ হায় হায় ধ্বনি দি মুছলপুৰ-বৰমা পথ উত্তাল কৰে ৷

উল্লেখ্য যে পূৰ্বে বিদ্যালয়খন চলাই থকা বড়োলেণ্ড মডেল এডুকেশ্বনেল চ'চাইটিৰ পৰা বিটিচি কৰ্তৃপক্ষই 14 জুলাইৰ পৰা চমজি লৈছিল ৷ তাৰ পিছৰে পৰা 20 আগষ্টলৈ বিদ্যালয়খন বন্ধ ৰাখিছিল ৷ 21 আগষ্টৰ পৰা সম্পূৰ্ণ ক্লাছ নোহোৱাত আজি উত্তেজিত হৈ পৰে ছাত্ৰ-ছাত্ৰী সকল আৰু বিদ্যালয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদমুখৰ হৈ পৰে ৷

18 আগষ্টত বাক্সা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে একাংশ বিদ্যালয় প্ৰধানলৈ প্ৰেৰন কৰা I.S / BDC / Apptt-3 / Attach / 2023/ 775 নম্বৰৰ এক নিৰ্দেশ যোগে বাক্সা জিলাৰ 14 খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 14 গৰাকী শিক্ষকক বৰমা নিকটৱৰ্তী দলবাৰী একালব্য মডেল আৱাসিক ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ যাবলৈ নিৰ্দেশ দিয়ে আৰু বিদ্যালয়খনত পূৰ্বৰে পৰা থকা শিক্ষক সকলক ক্লাছ কৰিবলৈ বন্ধ কৰি দিয়ে ৷ তেতিয়াৰে পৰা ক্লাছ বন্ধ হোৱা, ছাত্ৰ-ছাত্ৰী সকলে খাদ্য ভালকৈ নোপোৱাত আজি অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : Assam Assembly Session 2023: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ চৰ্চিত ভূমি কেলেংকাৰীকলৈ উত্তাল‌ সদন; প্ৰতিবাদ বিৰোধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.