বাক্সা, 17 নৱেম্বৰ: বাক্সাৰ কুৱেৰীচ'কত সংঘটিত হৈছে ছাত্ৰ নিৰুদ্দেশৰ ঘটনা । ঘটনা সন্দৰ্ভত শনিবাৰে পুৱা থমনালৈ ৰাস চাবলৈ গৈ এই পৰ্যন্ত সন্ধানহীন তিনি কিশোৰ।

সন্ধানহীন কিশোৰ কেইজন ক্ৰমে বীৰেন্দ্ৰ দাস(১৪), সঞ্জু দাস(১৪), নৱীন কলিতা (পাপন)(১৪)।

লক্ষ্মীপুৰ হাইস্কুলৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ আছিল তিনি সন্ধানহীন কিশোৰ।

ঘটনা সন্দৰ্ভত মুছলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে কিশোৰ কেইটাৰ পৰিয়ালে। পৰিয়ালৰ লোকৰ সন্দেহ কোনো দুৰ্বৃত্তই অপহৰন কৰিছে তিনি কিশোৰক। উক্ত ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।