ETV Bharat / state

সাৱধান : কঠোৰ হৈছে বাক্সা জিলা পৰিবহন বিভাগ

সাৱধান ! এতিয়াৰে পৰা দ্ৰুত বেগত যান-বাহন নচলাব ৷ 'যান-বাহন আইন'(Traffic Act) উলংঘা কৰিলেই বিপদত পৰিব লাগিব আপুনি ৷ ইতিমধ্যে বাক্সা জিলাত পৰিবহন বিষয়াই সদৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷

author img

By

Published : Aug 6, 2021, 10:10 PM IST

Strict is the Baksha District Transport Department
সাৱধান : কঠোৰ হৈছে বাক্সা জিলা পৰিবহন বিভাগ

বাক্সা, 6 আগষ্ট : 'যান-বাহন আইন' (Traffic Act) অমান্য কৰি একাংশ চালকে দ্ৰুতবেগত চলোৱাৰ বাবেই দৈনিক সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা (Road Accident) ৷ ফলত বহু লোকৰ অকাল মৃত্যুমুখত পৰিবলগীয়া হয় ৷ এই পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ কঠোৰ হৈ পৰিছে চৰকাৰৰ পৰিবহন বিভাগ (Transport Department) ৷ হাতত লৈছে কঠোৰ নীতি-নিয়ম ৷ ইতিমধ্যে সমগ্ৰ ৰাজ্যতেই যান বাহন আইন মনাৰ ক্ষেত্ৰত কঠোৰ নিৰ্ৰদেশনা জাৰি কৰিছে চৰকাৰে ৷ এতিয়াৰে পৰা নিৰ্দিষ্ট কৰি দিয়া যান বাহনৰ আইন অনুসৰিহে নিৰ্দিষ্ট গতিবেগত চলাব পাৰিব আপুনি ৷

ঠিক একেদৰে চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ পাছতেই বাক্সা জিলা (Baksha District)তো কঠোৰ হৈ পৰিছে বাক্সা জিলা পৰিবহন বিভাগ ৷ জিলাখনৰ পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন মানি চলাৰ বাবে চালক সকলক আহ্বান জনাইছে । দুচকীয়া বাহন চলোৱাৰ সময়তো হেলমেট পৰিধান কৰা আৰু চাৰি চকীয়া বাহন চলোৱাৰ সময়ত চিট বেল্ট (Seat Belt) পৰিধান কৰি বাহন চলাবলৈ আহ্বান জনাইছে ।

আনহাতে, যিসকললোকে যান-বাহন আইন অমান্য কৰিব, সেইসকল লোকক ইতিমধ্যে জৰিমনা (Fine) বিহা হৈছে বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷ যদি কোনো লোকে যান-বাহন আইন অমান্য কৰে সকলৰ বিৰুদ্ধেও জৰিমনা বিহা হ'ব বুলিও প্ৰকাশ কৰিছে বাক্সা জিলা পৰিবহন বিষয়া গৰাকীয়ে । ইফালে যি সকল গাড়ীৰ মালিকে যান বাহনৰ কৰ দিবলৈ বাকী আছে, তেওঁলোকলৈ বিভাগৰ পৰা কৰ আদায়ৰ দাবী পত্ৰ ( Demand Notice) প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে ৷ শীঘ্ৰেই কৰ আদায় দিবলৈ বাকী থকা গাড়ীৰ মালিক সকলক কৰ আদায় দিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক - প্ৰমোদ বড়োলৈ সন্দেহৰ আঙুলি বাক্সাৰ শিক্ষক সমাজৰ

লগতে বিষয়া গৰাকীয়ে কয় যে, বহু লোকে চালকৰ অনুজ্ঞাপত্ৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছে আৰু গাড়ীৰ পঞ্জীয়ন নম্বৰৰ বাবেও আবেদন কৰিছে । কিন্তু তেওঁলোকৰ বহুতেই এতিয়াও কাৰ্ডৰ বাবে মাচুল আদায় দিয়া নাই ৷ যাৰ বাবে এতিয়াও ডাক যোগে অনুজ্ঞা পত্ৰসমূহ লাভ কৰা নাই । চালকৰ অনুজ্ঞা পত্ৰৰ আৰু বাহনৰ পঞ্জীয়ন নম্বৰৰ বাবে মাচুল আদায় দিয়া নাই, তেওঁলোকক কাৰ্যালয়লৈ আহি মাচুল আদায় দিবলৈ আহ্বান জনাইছে জিলা পৰিবহন বিষয়াগৰাকীয়ে ।

যি সকললোকে এতিয়াও চালকৰ পুৰণি অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰি আছে আৰু এতিয়াও স্মাৰ্ট কাৰ্ড লোৱা নাই তেওঁলোককো পুৰণি কাৰ্ড সমূহ জমা দি স্মাৰ্ট কাৰ্ড লবলৈ আহ্বান জনাইছে পৰিবহন বিষয়াগৰাকীয়ে । যি সকল স্বত্বাধিকাৰীয়ে হাই চিকিউৰিটি নম্বৰ প্লেটৰ বাবে আবেদন কৰি আজিও সেই নম্বৰ প্লেট সমূহ পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ পৰা নিয়া নাই, তেওঁলোকক নম্বৰ প্লেট কাৰ্যালয়ৰ পৰা নিয়াৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক - বাক্সাত গাঞ্জা ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.