ETV Bharat / state

বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপি বিপিএফৰ বাকযুদ্ধ - বিপিএফ আৰু বিজেপিৰ মিত্ৰতা

বিটিচিৰ ৰাজনীতিৰ বতাহ ক্ৰমান্বয়ে গৰম হ'বলৈ ধৰা সময়তে বিপিএফ আৰু বিজেপিৰ মিত্ৰতাই লৈছে অন্য এক ৰূপ। এতিয়া দুয়োটা দলৰ মাজত মিত্ৰতা থাকিও চিপ্ৰাং মৰা ৰাজনীতিৰ বাকযুদ্ধ আৰম্ভ হৈছে ।

বিটিচি নিৰ্বাচন
বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপি বিপিএফৰ বাকযুদ্ধ
author img

By

Published : Mar 12, 2020, 8:31 PM IST

বাক্সা, 12 মাৰ্চঃ বিটিচি নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনী আয়োগে 11 মাৰ্চত জাৰি কৰিছে অধিসূচনা । আগন্তুক ৪ এপ্ৰিলত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচন । ইতিমধ্যে ৰাজনৈতিক দল সমূহে ৰাজনৈতিক বাক্যৰে আৰম্ভ কৰিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । বিটিচিৰ ৰাজনৈতিক বতাহ ক্ৰমান্বয়ে গৰম হ'বলৈ ধৰাৰ সময়তে বিপিএফ আৰু বিজেপিৰ মিত্ৰতাই লৈছে অন্য এক ৰূপ। এতিয়া দুয়োটা দলৰ মাজত মিত্ৰতা থাকিও চিপ্ৰাং মৰা ৰাজনীতিৰ বাকযুদ্ধ আৰম্ভ হৈছে ।

বৃহস্পতিবাৰে গোৰেশ্বৰ সমষ্টিৰ বিপিএফৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে এখন সভাত উপস্থিত থাকি তাপূৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷ মহেশ্বৰ বসুমতাৰীয়ে কয়, বিজেপি দলৰ সৈতে মিত্ৰতা অক্ষুন্ন থাকিব , বিজেপি হয়তো তলে তলে চিপ্ৰাঙহে মাৰিব পাৰিব কিন্তু মিত্ৰতা ভংগ কৰিব নোৱাৰে ।

বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপি বিপিএফৰ বাকযুদ্ধ

আনহাতে, বিজেপিৰ মন্ত্ৰী ভৱেশ কলিতাই কয় যে, বিজেপি দলত চিপ্ৰাং মাৰাৰ কোনো ৰাজনৈতিক নচলে । বিজেপি এটা সাংস্কৃতিক দল, এই দলৰ সকলো নীতি-নিয়ম মানি চলো । ইপিনে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে, বিটিচিত বসবাস কৰা লোক সকলে কেৱল পৰিৱৰ্তন বিচাৰিছে ৷ আমাৰ লগত বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ আলোচনা হৈ আছে ৷ পৰোক্ষ আৰু প্ৰত্যক্ষভাবে ইউপিপিএল দলক সমৰ্থন আগবঢ়োৱা বুলিও মন্তব্য কৰে প্ৰমোদ বড়োয়ে ।

আৰু পঢ়কঃ প্ৰয়োজনত হাগ্ৰামাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰমোদ বড়োৱে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.