ETV Bharat / state

এছএছবিৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ - play items distribution by ssb among school children

বুধবাৰে হাউলীস্থিত সশস্ত্ৰ সীমা বলৰ ২৭ নং বেটেলিয়নে "ছিভিক একশ্যন প্ৰগ্ৰেম"ৰ জৰিয়তে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মধুপুৰ মইনাগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ বিভিন্ন সামগ্ৰী, নিজৰ লগতে বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰাখিবলৈ চাবোন, হাৰপিক, ডাষ্টবিন, চেনিটাইজাৰ আদি বিতৰণ কৰে ৷

এছএছবিৰ উদ্যোগত স্কুলীয়া শিক্ষাৰ্থীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ

author img

By

Published : Mar 10, 2021, 5:44 PM IST

Updated : Mar 10, 2021, 10:02 PM IST

বাক্সা,১০ মাৰ্চ: প্ৰতিটো সময়তে দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ থকা ভাৰতৰ অন্যতম সুৰক্ষা বাহিনী সশস্ত্ৰ সীমা বলে কেৱল নিজৰ কৰ্তব্য পালনত ব্যস্ত হৈ থকা নাই । জনহিতমূলক কাম আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচীতো অংশগ্ৰহণ কৰি আহিছে । বুধবাৰে হাউলীস্থিত সশস্ত্ৰ সীমা বলৰ ২৭ নং বেটেলিয়নে "ছিভিক একশ্যন প্ৰগ্ৰেম"ৰ জৰিয়তে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মধুপুৰ মইনাগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ বিভিন্ন সামগ্ৰী, নিজৰ লগতে বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰাখিবলৈ চাবোন, হাৰপিক, ডাষ্টবিন, চেনিটাইজাৰ আদি বিতৰণ কৰে ৷ সীমান্তৱৰ্তী অঞ্চলটোৰ মধুপুৰ মইনাগুৰি প্ৰাথমিক বিদ্যালয়ৰ লগতে অৰ্নিবিল মিলন প্ৰাথমিক বিদ্যালয়, হিমালয়া হাইস্কুল আৰু ইন্দ্ৰলাল পাঠক বালিকা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এছএছবিয়ে সামগ্ৰীসমূহ বিতৰণ কৰে ৷

এছএছবিৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ

আনহাতে, দীৰ্ঘদিন ধৰি খোৱাপানীৰ সমস্যাত ভুগি থকা মইনাগুৰি গাঁৱবাসীৰ বাবে খোৱাপানীৰ এক প্ৰকল্পও উদ্বোধন কৰে ৷ এছএছবিৰ ২৭ নং বেটেলিয়নৰ শীৰ্ষ বিষয়া অভিষেক আনন্দে উদ্বোধন কৰে "ছিভিক একশ্যন প্ৰগ্ৰেম"ৰ । সীমান্তৱৰ্তী দুৰ্গম অঞ্চলটোৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়েও যাতে শাৰীৰিক অনুশীলন কৰি সুস্থ-সবল হৈ ভৱিষ্যতে সামৰিক বাহিনীত যোগদান কৰি দেশসেৱাত নিয়োজিত হ'ব পাৰে তাৰ বাবে খেলৰ সামগ্ৰী প্ৰদান কৰা বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰে ৷ এই কাৰ্যসূচীত এছএছবিৰ শীৰ্ষ বিষয়া অচ্যিন্ত মিত্ৰ, ডা৹ ললিত দেউৰী, ৰবি শেখৰ ঝা, ৰোহিত শৰ্মা, তপন আচাৰ্যী, এছ এছ মিত্ৰকে ধৰি বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষক সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: চিৰাঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Last Updated : Mar 10, 2021, 10:02 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.