ETV Bharat / state

‘জিভাৰ পানী’ৰে নিবনুৱাক কৰ্ম সংস্থাপন দিছে এগৰাকী শিক্ষকৰ

author img

By

Published : May 11, 2021, 12:05 PM IST

Updated : May 11, 2021, 12:23 PM IST

বাক্সা জিলাৰ মুছলপুৰৰ এগৰাকী যুৱ শিক্ষকৰ নিদৰ্শন । থলুৱা ফল-মূল তথা পাচলিৰে আচাৰ বনাই নিজৰ লগতে আন দহজনকো দিছে সংস্থাপন ।

‘জিভাৰ পানী’ৰে দহজন নিবনুৱাক কৰ্ম সংস্থাপন এজন শিক্ষকৰ

বাক্সা,11 মে': যিটো সময়ত ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতী সকলে কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাইছে, ঠিক তেনে সময়তে বাক্সাৰ এগৰাকী শিক্ষকে দেখুৱাইছে নিদৰ্শন । নিজৰ লগতে স্থানীয় নিবনুৱা আন দহজন ব্যক্তিকো দিছে কৰ্ম সংস্থাপন ।

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত সোনাপুৰ কৰমতুলি গাঁৱৰ এগৰাকী শিক্ষক হৈ পৰিছে আন‌ দহজনৰ বাবে আদৰ্শ স্বৰূপ । শিক্ষক গৰাকীৰ নাম মৃনাল বায়ন । চৌখুটি হাইস্কুলৰ টেট শিক্ষক মৃণাল বায়নে বাৰিৰ নেমু, আম, তেতেলী আদি চিঙি আনি আচাৰ প্ৰস্তুত কৰি জন্ম দিবলৈ সক্ষম হ'ল এটি থলুৱা আচাৰ কোম্পানীৰ ।

উল্লেখ্য যে, যোৱা বেলি কৰ'ণা মহামাৰীৰ ফলত চৰকাৰে লকডাউন ঘোষণা কৰাত বিৰক্ত অনুভৱ কৰি মৃনালে চিন্তা কৰিছিল গাঁৱৰ শিক্ষিত নিবনুৱা যুৱক সকলৰ দুৰাৱস্থাৰ কথা । কি কৰিম কি নকৰিম বুলি ভাবি অৱশেষত ঠিৰাং কৰিল আমাৰ সমাজত অতিকৈ চাহিদাপুৰ্ণ আচাৰ বনাই বজাৰত বিক্ৰী কৰি নিজৰ লগতে আন দুজনকো দুটকা উপাৰ্জনৰ পথ প্ৰসস্ত কৰি দিয়ে ।

প্ৰথমাৱস্থাত ওচৰ চুবুৰীয়াৰ বাৰিৰ আম, নেমু আদি চিঙি আনি আৰম্ভ কৰিছিল আচাৰ বনোৱা কাৰ্য আৰু তেনেকৈয়ে তেওঁলোকে জন্ম দিয়ে ‘জিভাৰ পানী’ নামৰ এটা আচাৰ কোম্পানীৰ । আচাৰ কোম্পানীটোত মৃণাল বায়ন, কিশোৰ বায়ন আৰু কৃষ্ণ দাসৰ তত্বাৱধনাত প্ৰায় 10 গৰাকী নিৱনুৱা যুৱকে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।

নামনি অসমৰ প্ৰায় সকলো ঠাইতে ‘জিভাৰ পানী’ৰ আচাৰ বিক্ৰী কৰি বুজন পৰিমাণৰ মুনাফা আদায় কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বৰ্তমান কৰ'ণাৰ ভয়াৱহতাৰ বাবে ব্যৱসায় কিছু বেয়া বুলি জানিব দিয়ে স্বতাধিকাৰী মৃণাল বায়নে । বৰ্তমান সময়ত মৃণাল বায়নে যদিও বিশেষ লাভালাভ কৰিব পৰা নাই, তথাপিও বাকি 10 জনক কৰ্ম সংস্থাপন দিয়া কাৰ্যটোৱে তেওঁৰ বৃহৎ লাভ বুলি গৌৰৱ কৰে ।

লগতে পঢ়ক: স্বামীক মোকোলাই দিবলৈ কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

Last Updated : May 11, 2021, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.