কাছাৰ,23 ছেপ্তেম্বৰ: সমস্যাৰ অন্ত নাই শিলচৰবাসীৰ ৷ শিলচৰবাসীৰ সমস্যাৰ প্ৰতি কাণসাৰ নাই জন প্ৰতিনিধিৰ ৷ চৰকাৰ তথা জন প্ৰতিনিধিৰ ভূমিকাত ক্ষুব্ধ হৈ বুধবাৰে ৰাইজে অৱৰোধ কৰে সদাব্যস্ত এটি পথ ৷ শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰ সংযোগী পথটো অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ চহৰখনৰ উধাৰবন্ধ এলেকাৰ শতাধিক ৰাইজে পথ অৱৰোধ কৰাৰ ফলত তীব্ৰ সমস্যাৰ সন্মুখীন হয় বিমান যাত্ৰীৰ লগতে সাধাৰণ পথচাৰীসকল ৷
প্ৰতিবাদকাৰী সকলে বিধ্বস্ত পথ মেৰামতি, বিদ্যুতৰ সমস্যা, খোৱা পানী আৰু স্বাস্থ্য সেৱা উন্নত কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ৰাইজৰ উগ্ৰমূৰ্তি দেখি ঘটনাস্থলীত উধাৰবন্ধৰ ৰাজহ চক্ৰ বিষয়াগৰাকী উপস্থিত হৈ সকলো প্ৰকাৰৰ সুবিধা প্ৰদানৰ লগতে শীঘ্ৰে এই সমস্যা সমূহ দূৰ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাইজক ৷