ETV Bharat / state

বিশুদ্ধ খোৱাপানীৰ অভাৱত দিন কটাইছে বাক্সাৰ ২ নং ডোঙাৰ গাঁওবাসীয়ে - বিশুদ্ধ খোৱাপানীৰ অভাৱত দিন কটাইছে বাক্সাৰ ২ নং ডোঙাৰগাঁওবাসী

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বাক্সাৰ ভূটান সীমান্তৱৰ্তী ২ নং ডোঙাৰগাঁৱত ৷ নৈ নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ গাঁওৱাসীৰ ৷ দীৰ্ঘদিন ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত এই গাঁওৱাসীৰ ওচৰত নাই স্থানীয় জন প্ৰতিনিধি অথবা চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷

বাক্সা
বিশুদ্ধ খোৱাপানীৰ অভাৱত দিন কটাইছে বাক্সাৰ ২ নং ডোঙাৰগাঁওবাসী
author img

By

Published : Aug 18, 2020, 2:04 PM IST

বাক্সা, 18 আগষ্টঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ২ নং ডোঙাৰগাঁৱত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গঞা ৰাইজ । চৰকাৰৰ অভিলাষী আঁচনি সমূহে ঢুকি নোপোৱা ২নং ডোঙাৰগাঁওবাসীয়ে চলিত বৰ্ষত ইতিমধ্যে বানত ঘৰৰ ভেটি মাটি হেৰুৱাবলগীয়া হৈছিল । যাৰ বাবে গাওঁবাসীয়ে বছৰ বছৰ ধৰি ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ অপৰিষ্কাৰ পানী খাই জীৱন নিৰ্বাহ কৰি আহিছে । ফলত জনস্বাস্থ্য লৈয়ো ভাবুকি কঢ়িয়াই আনিছে এইসকল লোকে ।

বিশুদ্ধ খোৱাপানীৰ অভাৱত দিন কটাইছে বাক্সাৰ ২ নং ডোঙাৰগাঁওবাসী

আনহাতে, এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত গাঁওখনৰ বাসিন্দাসকলে নৈ নিজৰাৰ পানী খাই বিভিন্ন সময়ত অচিন ৰোগত আক্ৰান্ত হয় । কিন্তু দীৰ্ঘদিন ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ২নং ডোঙাৰগাঁওবাসীৰ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি অহা নাই স্থানীয় জনপ্ৰতিনিধি অথবা চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ ।

লগতে পঢ়কঃ কাছাৰত অবৈধ শিলৰ ব্যৱসায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.