ETV Bharat / state

বাক্সাৰ দোংপাৰাত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ ব্যাপক দুৰ্নীতি - দোংপাৰা গাঁৱৰ (ঔখাৰী) ৰাইজক প্ৰৱঞ্চনা

'ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন বিতৰণ নামত ব্যাপক খেলিমেলি হোৱাত বহুমুখী সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে ৰাইজৰ সভা অনুষ্ঠিত হয় ৷ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক এই অভিযোগ দাখিল কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে ।

SCAME IN ANNA SURAKHA ASONI AT BAKSHA DISTRICT
বাক্সাৰ দোংপাৰাত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ ব্যাপক দুৰ্নীতি
author img

By

Published : Aug 23, 2020, 5:15 PM IST

বাক্সা,23 আগষ্টঃ ২০১৫ চনত শুভাৰম্ভ হোৱা 'ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি'ৰ ৰেচন বিতৰণ নামত বাক্সা জিলাৰ খণ্ডিগড় বহুমুখী সমাবায় সমিতি অধীনৰ দোংপাৰা গাঁৱৰ (ঔখাৰী) ৰাইজক প্ৰৱঞ্চনা কৰা বুলি গুৰুতৰ অভিযোগ কৰে হিতাধিকাৰীসকলে ।

ঘটনা অনুসৰি, দোংপাৰা(ঔখাৰী)ৰ গাঁৱৰ প্ৰায় ২৮৩ টা পৰিয়ালক স্থানীয় বহুমুখী সমবায় সমিতিৰ এজেন্ট বিজয় চন্দ্ৰ বসুমতাৰীয়ে হিতাধিকাৰীৰ দহ কিলো চাউলৰ বিপৰীতে ন কিলো চাউল দিয়ে আৰু AAYৰ কাৰ্ডৰ হিতাধিকাৰীক ৩৫ কিলো চাউলৰ বিপৰীতে ১০ কিলো দিয়ে বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰে । আনহাতে এইক্ষেত্ৰত এজেন্টগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে এজেন্টগৰাকীয়ে তেওঁলোকৰ ৰেচন সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ সকিয়নী দিয়া বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

দেওবাৰে দোংপাৰা(ঔখাৰী)গাঁৱৰ ৰাইজে স্থানীয় পুথিভঁৰালৰ প্ৰাংগনত এখন ৰাজুহুৱা সভা অনুষ্ঠিত কৰে । সভাত ৰাইজে এজেন্টগৰাকীৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিগত কেইবা বছৰ ধৰি বিজয় চন্দ্ৰ বসুমতাৰীয়ে খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ নামত ৰাইজক বৃহৎ খেলিমেলি কৰাৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰে ৷

বাক্সাৰ দোংপাৰাত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ ব্যাপক দুৰ্নীতি

উল্লেখ্য যে, ৰাইজে এইক্ষেত্ৰত কেইবাবাৰো তামুলপুৰ যোগান বিভাগৰ কাৰ্যালয়ৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও এজেন্টগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে ৰাইজে । এই ক্ষেত্ৰত এজেন্টগৰাকীয়ে যিসমূহ হিতাধিকাৰীৰ নাম Onlineত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয় তেওঁলোকৰ বিপৰীতেহে চাউল প্ৰদান কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- বিগত এমাহে বান-খহনীয়াৰ কবলত চিৰাঙৰ মাদাৰপুৰ গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.