ETV Bharat / state

Rowta Police Encounter: ডিম্বেশ্বৰ এটা অপৰাধী, ই এটা কুখ্যাত ডকাইত - আৰক্ষী - ৰৌতা এনকাউণ্টাৰৰ ঘটনা

ৰৌতা এনকাউণ্টাৰৰ ঘটনাৰ নতুন মোৰ ৷ ৰৌতাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা ডিম্বেশ্বৰ মুছাহাৰী প্ৰকৃততে এটা দুৰ্ধৰ্ষ ডকাইত ৷ এই মন্তব্য প্ৰকাশ কৰিলে খোদ বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে (Rowta Police on Dimbeswar encounter) ৷

Rowta Police on Dimbeswar encounter case
ডিম্বেশ্বৰ এটা অপৰাধী, ই এটা কুখ্যাত ডকাইত
author img

By

Published : Mar 3, 2023, 10:24 PM IST

ডিম্বেশ্বৰ এটা অপৰাধী, ই এটা কুখ্যাত ডকাইত

বাক্সা, 3 মাৰ্চ: ৰৌতা এনকাউণ্টাৰৰ ঘটনাই প্ৰতিমূহুৰ্ততে সলাইছে দৃশ্যপট (Rowta Police Encounter) ৷ ৰৌতাৰ এনকাউণ্টাৰৰ মৃতদেহৰ বিভ্ৰান্তি মাৰ নৌযাঁওতেই এইবাৰ ডিম্বেশ্বৰ মুছাহাৰীৰ সন্দৰ্ভত আৰক্ষীৰ বিস্ফোৰক ভাষ্য ৷ ওডালগুৰিৰ ৰৌতাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা ডিম্বেশ্বৰ মুছাহাৰী প্ৰকৃততে এটা দুৰ্ধৰ্ষ ডকাইত আছিল ৷ কেনাৰামৰ লগত মিলি কেইবাটাও ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল ডিম্বেশ্বৰ মুছাহাৰীয়ে ৷ শুকুৰবাৰে সাংবাদিকৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে (Rowta Police on Dimbeswar encounter) ৷

লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে 2020 চনৰ পৰা 2022 চনৰ ভিতৰত বাক্সা, ৰঙিয়া আৰু ঢেকিয়াজুলিত সংঘটিত ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল ডিম্বেশ্বৰ মুছাহৰী আৰু কেনাৰাম বড়ো। সেই সময়ত বাক্সা আৰক্ষীয়ে ডিম্বেশ্বৰ মুছাহাৰীৰ ঘৰৰ পৰা পিষ্টল আৰু গুলী উদ্ধাৰ কৰিছিল । আৰক্ষীৰ তথ্য অনুসৰি ডিম্বেশ্বৰ এটা অপৰাধী ৷ ডিম্বেশ্বৰ এটা কুখ্যাত ডকাইত ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিচতেই বৃহস্পতিবাৰে ওদালগুৰিৰ ৰৌতাৰ দৈফাঙৰ মাথী দৈমাৰীৰ বাসগৃহত চি আই ডি বিষয়া অমৃত ভূঞাৰ তত্বাৱধানত এটা তিনিজনীয়া দল উপস্থিত হয় (CID investigate Rowta Encounter) ৷ তিনিজনীয়া দলটোৱে ৰৌতা থানাত উপস্থিত হৈ ৰৌতা আৰক্ষীৰ সহযোগত মাথী দৈমাৰীৰ বাসগৃহত উপস্থিত হৈ এনকাউণ্টাৰৰ সন্দৰ্ভত সোধা পোছা কৰে (Rowta Police Encounter) ৷

স্মৰ্তব্য যে যোৱা 24 তাৰিখে ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীয়ে এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিছিল ৷ কিন্তু এই এনকাউণ্টাৰত আৰক্ষীয়ে কুখ্যাত ডকাইতক কেনাৰাম বড়োক লক্ষ্য কৰি গুলী কৰিছিল যদিও আৰক্ষীৰ গুলীত নিহত হৈছিল কেনাৰামৰ সতীৰ্থ ডিম্বেশ্বৰ মুছাহাৰী ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে ডিম্বেশ্বৰৰ পৰিয়ালে ডিম্বেশ্বৰৰ মৃতদেহ বিচাৰি আৰক্ষীক অভিযোগ স্থাপন কৰিছিল ৷

তাৰ পিচতে সোমবাৰে আৰক্ষীয়ে ডিম্বেশ্বৰৰ মৃতদেহটো খান্দি উলিওৱাৰ পিচত এই মৃতদেহটো কেনাৰামৰ পৰিৱৰ্তে ডিম্বেশ্বৰৰ মৃতদেহ বুলি চিনাক্ত কৰা হৈছিল (Confusion in Rowta Police Encounter case) ৷ এই ঘটনাক লৈ বাক্সা আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰিছিল যদিও আজি সংবাদমাধ্যমৰ আগত কৰা মন্তব্যই সমগ্ৰ বিষয়টোক অন্য ৰূপ দিয়ে ৷ পৰৱৰ্তী সমত চিআইডিৰ তদন্ততহে প্ৰকৃত ঘটনা উলাব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: Rowta Police Encounter : ৰৌতা এনকাউন্টাৰৰ তদন্তৰ বাবে ঘটনাস্থলীত চিআইডিৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.