ETV Bharat / state

বাক্সা জিলাৰ মুছলপুৰত পথ সুৰক্ষা সপ্তাহ পালন - road_safety_program at baksha

১৮ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ মুছলপুৰত পালন কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২১ ৰ অধীনত বাক্সা জিলা পৰিবহন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই পথ সুৰক্ষা সপ্তাহ ৷

road_safety_program at baksha
বাক্সা জিলাৰ মুছলপুৰত পথ সুৰক্ষা সপ্তাহ পালন
author img

By

Published : Feb 1, 2021, 8:15 PM IST

বাক্সা, ১ ফেব্ৰুৱাৰী : বাক্সা জিলাৰ মুছলপুৰত পালন কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২১ ৰ অধীনত বাক্সা জিলা পৰিবহন বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই পথ সুৰক্ষা সপ্তাহ ৷

১৮ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি পালন কৰা হৈছে এই পথ সুৰক্ষা মাহ ৷ এই পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি সোমবাৰে মটৰ চাইকেলেৰে এক সজাগতা ৰেলী উলিওৱা হয় বাক্সাৰ মুছলপুৰত ৷

বাক্সা জিলাৰ পৰিবহন বিষয়া আৰু জিলাখনৰ অতিৰিক্ত উপায়ুক্তই এই মটৰ চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে ৷

বাক্সা জিলাৰ মুছলপুৰত পথ সুৰক্ষা সপ্তাহ পালন

এই মটৰ চাইকেল ৰেলীটো মুছলপুৰ চহৰৰ মাজেৰে প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পুনৰ কাৰ্যালয় লৈ উভতি আহে ৷ এই সজাগতা ৰেলীৰ পূৰ্ৱে পথ সুৰক্ষা সপ্তাহ উপলক্ষে এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷

এই সজাগতা সভাত উপস্থিত থাকে জিলা পৰিবহন বিষয়া শোনিত কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্ত অৰুণ ব্ৰহ্ম, বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, চাপাগুৰী সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্যই বাটৰ নাটো প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক : প্ৰতিৰক্ষা বিভাগত 4.78 লাখ কোটি টকা ধাৰ্য 2021-22 বৰ্ষৰ বাজেটত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.