ETV Bharat / state

Revised Voter List of Assam : সংশোধনী ভোটাৰ তালিকাত বৃদ্ধি পালে ভোটাৰৰ সংখ্যা - Revised voter list publish in various districts of Assam

সংশোধনী ভোটাৰ তালিকাত বৃদ্ধি পালে ভোটাৰৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন জিলাত বুধবাৰে সংশোধনী ভোটাৰ তালিকা প্ৰকাশ (Revised voter list publish in Assam) কৰিলে জিলা প্ৰশাসনে ৷

revised-voter-list
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংশোধনী ভোটাৰ তালিকা প্ৰকাশ
author img

By

Published : Jan 6, 2022, 1:41 PM IST

Updated : Jan 7, 2022, 6:32 AM IST

নিউজ ডেস্ক, 6 জানুৱাৰী : বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাশ হ’ল ভোটাৰ তালিকা (Revised voter list publish in Assam) ৷ জিলা প্ৰশাসন তথা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ভোটাৰৰ চূড়ান্ত তালিকা ৷ বাক্সা জিলাত চূড়ান্ত ভোটাৰ তালিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে (Revised list of voters of Baksa) ৷ জিলাখনৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 5,52,947 গৰাকী ৷ ইয়াৰে 2,76,333 গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 2,72,469 ৷

খচৰা ভোটাৰ তালিকাৰ তুলনাত চূড়ান্ত ভোটাৰ তালিকাত বৃদ্ধি পাইছে 25 শতাংশ ৷ ইয়াৰে 58 নং তামুলপুৰ বিধানসভাত সমষ্টিত 2,18,228 গৰাকী, 62 নং বৰমা বিধানসভা সমষ্টিত 1,71,126 গৰাকী আৰু 63 নং ছাপাগুৰি বিধানসভা সমষ্টিত 1,63,593 গৰাকী ভোটাৰ আছে ৷

বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাশ হ’ল ভোটৰ তালিকা

বৰপেটা জিলাৰো 6 টা বিধানসভা সমষ্টিৰ সংশোধনী ভোটাৰ তালিকাখন প্ৰকাশ কৰা হয় (Revised list of voters of Barpeta) ৷ বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত নতুন ভোটাৰ তালিকা প্ৰকাশ সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷ সংবাদমেলত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সদৰী কৰে যে, সংশোধনী ভোটাৰ তালিকাত এইবাৰ নতুনকৈ 24,989 জন ভোটাৰ অন্তৰ্ভূক্ত হৈছে ৷ 11,541 জন পুৰুষ ভোটাৰৰ বিপৰীতে আছে 13,448 গৰাকী মহিলা ভোটাৰ ৷

সংশোধনী ভোটাৰ তালিকা আনুসৰি বৰপেটা জিলাৰ মুঠ 6 টা সমষ্টিৰ ভোটাৰৰ সংখ্যা 11,85,269 জন ৷ ইয়াৰে 6,08,428 গৰাকী পুৰুষ, 5,76,414 গৰাকী মহিলা আৰু 27 গৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে, আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে বৰপেটা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু বুলিও উপায়ুক্ত গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে ৷ সংবাদমেলত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে, জিলাখনৰ পাচঁখন চহৰত থকা 62 টা ৱাৰ্ডত এই পৰ্যন্ত মুঠ ভোটাৰ হৈছে 92,413 গৰাকী ৷ ১৩০ টা ভোট গ্ৰহণ কেন্দ্ৰত কেৱল ইভিএম যোগে পৌৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

আনহাতে শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে শিৱসাগৰ, থাওৰা আৰু আমগুৰি বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে (Revised list of voters of Sivsagar Thaura Aamguri constituency) ৷ এখনি সংবাদমেল সম্বোধন কৰি তেওঁ জানিবলৈ দিয়ে যে ভোটাৰ তালিকাৰ সংক্ষিপ্ত শুধৰণিৰ বাবে তিনিওটা সমষ্টিৰ পৰা সৰ্বমুঠ 20,959 খন আবেদন পোৱা গৈছিল ৷ এই আবেদন সমূহৰ জৰিয়তে ভোটাৰৰ নাম অন্তৰ্ভূক্তি, কৰ্তন, শুধৰণি আৰু স্থানান্তৰৰ বাবে ভোটাৰৰ পৰা অনুৰোধ আহিছিল ৷

এই সমূহ আবেদন নিৰীক্ষণ কৰাৰ পাছত প্ৰকাশ কৰা ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি 103 নং আমগুৰি সমষ্টিত ভোটাৰৰ সংখ্যা 1855 গৰাকী বৃদ্ধি পাইছে ৷ এই বৃদ্ধিৰ পাছত সমষ্টিটোৰ মুঠ ভোটাৰ হৈছে 1,25,989 গৰাকী ৷ 107 নং থাওৰা বিধান সভা সমষ্টিত ভোটাৰৰ সংখ্যা 1724 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই বৃদ্ধিৰ পাছত থাওৰা সমষ্টিৰ মুঠ ভোটাৰ হৈছেগৈ 1,17,694 গৰাকী ৷ 108 নং শিৱসাগৰ বিধানসভা সমষ্টিত ভোটাৰ বৃদ্ধি হৈছে 628 গৰাকী ৷ এই বৃদ্ধিৰ পাছত সমষ্টিটোৰ মুঠ ভোটাৰ হৈছেগৈ 1,52,534 গৰাকী ৷

লগতে পঢ়ক: ৰাণী-ৰিপুণৰ বিদায় সমাগত; কংগ্ৰেছৰ বাবে আহিব নেকি আন এক বেয়া খবৰ

Last Updated : Jan 7, 2022, 6:32 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.