ETV Bharat / state

Secret Killing in Baksa: বৰমাত গুপ্তহত্যাৰ বলি হোৱা পৰিয়ালক স্মৰণ

author img

By

Published : Aug 11, 2022, 8:38 PM IST

১৯৯৮ চনৰ ১১আগষ্টৰ নিশা দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ গৈছিল চিকিৎসক, সাহিত্যিক, সমাজকৰ্মী ডা° ধৰণীধৰ দাস, সগৰ্ভা পত্নী ৰূপজ্যোতি শইকীয়া, মাতৃ ফুলেশ্বৰী দাস আৰু ভগ্নী লতিকা কছাৰীৰ (Secret killing of Dharani Das and family) ।

Secret Killing in Baksa
Secret Killing in Baksa

বাক্সা, ১১ আগষ্ট : আজি ১১আগষ্ট । বাক্সা জিলাৰ বৰমাবাসীৰ কাৰণে এটা ক'লা দিন (11 August black day for Barama) । কিয়নো আজিৰ এই দিনটোতেই নিঃশেষ কৰি দিয়া হৈছিল এটা পৰিয়াল । গুপ্তহত্যাৰ বলি হ'বলগা হৈছিল বৰমাৰ নিজ জুলুকি গাঁৱৰ উক্ত পৰিয়ালটো । ১৯৯৮ চনৰ ১১আগষ্টৰ নিশা দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ গৈছিল চিকিৎসক, সাহিত্যিক, সমাজকৰ্মী ডা° ধৰণীধৰ দাস, সগৰ্ভা পত্নী ৰূপজ্যোতি শইকীয়া, মাতৃ ফুলেশ্বৰী দাস আৰু ভগ্নী লতিকা কছাৰীৰ ।

বৰমাত গুপ্তহত্যাৰ বলি হোৱা পৰিয়ালক স্মৰণ

আলফা নেতা মিথিংগা দৈমাৰীৰ পৰিয়ালৰ সদস্য হোৱাটোৱেই আছিল তেওঁলোকৰ অপৰাধ (Dharani Das and family murder case inBarama) ! আনহাতে, উক্ত নৃশংস ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছিল সমগ্ৰ অসমতে । ৰাইজৰ প্ৰতিবাদত সেও মানি তদন্তৰ বাবে অৱশেষত তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰে (Former Chief Minister Prafulla Kumar Mahanta) তিনিখনকৈ আয়োগ গঠন কৰি দিছিল । কিন্তু তদন্ত তদন্ত হৈয়ে থাকিল ।

২৪ বছৰ উকলি যোৱাৰ পিছতো কোনো এখন চৰকাৰে ঘটনাটোৰ তদন্তত গুৰুত্ব নিদিলে । যাৰ বাবে নিৰ্দোষী পৰিয়ালটোৱে আজি পৰ্যন্ত ন্যায় নাপালে । মাথোঁ গুপ্তহত্যাকাৰীৰ নিৰ্বিচাৰ বুলেটৰ আঘাতত নিঃশেষ হোৱা পৰিয়ালটোৰ ঘৰৰ বেৰত লাগি থকা কেঁচা তেজৰ চেকুৰাবোৰহে তাৰ সাক্ষী হৈ থাকিল । ইফালে বৰমাবাসী ৰাইজে এতিয়াও বৰ্তমানৰ চৰকাৰখনক উচিত তদন্ত কৰি দোষীক চিনাক্ত কৰি পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে ।

আজিৰ এই স্মৃতিচাৰণ অনুষ্ঠানত (Remembering victim of secret killing in Barma Baksa) উপস্থিত থাকে অসমবাণী কাকতৰ সম্পাদক দিলীপ চন্দন, জেষ্ঠ চিকিৎসক কামেশ্বৰ লহকৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ফণীধৰ তালুকদাৰ, মানৱ অধিকাৰৰ প্ৰাক্তন সচিব প্ৰধান গণেশ গোস্বামী, সমাজকৰ্মী ৰমেশ চন্দ্ৰ দাস আৰু অৰুণ দাস ৷ পুৱা স্মৃতি-তৰ্পন তথা বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি মেগন কছাৰীয়ে । আনহাতে, স্মৃতিচাৰণ অনুষ্ঠান সঞ্চালনা কৰে বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° সুনীল চন্দ্ৰ শৰ্মাই ৷

লগতে পঢ়ক :Facebook Post on ULFA I: আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এটি সন্তানৰ মাতৃ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.