বৰমা,৫নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ বাক্সা জিলাৰ বৰমা কদমতলত ৷ পৰিৱৰ্তনৰ শ্লোগান দি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰ ব্যৰ্থ হৈছে মূল্যবৃদ্ধি ৰোধ কৰাত ৷ বজাৰত প্ৰতিটো সামগ্ৰীৰে জুই চাই দাম ৷ যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে মূৰে কপালে হাত দিবলগীয়া হৈছে ৷ বজাৰ নিয়ন্ত্ৰত সম্পূৰ্ণৰূপে ব্য়ৰ্থ হৈছে যোগান মন্ত্ৰী ফনীভূষন চৌধুৰী,যাৰ বাবে যোগান মন্ত্ৰীক পদত্যাগৰ দাবী জনাইছে নেমছুৱে ৷
![protest against supply minister at baksha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9439318_fhjr.jpg)
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ বাবে বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমা কদমতলত নেমছুই (উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা) যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত পুত্তলিকা দাহ কৰি "অসম চৰকাৰ গো বেক,যোগান মন্ত্ৰী হায় হায়,মূল্য বৃদ্ধি ৰোধ কৰক" আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক:মৃত্যু দিৱসত এলাগী ভূপেন হাজৰিকাৰ বাসগৃহ