ETV Bharat / state

Press Meet of Former NDFB : বৰমাত বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সংবাদমেল; পুনৰ সংস্থাপনৰ দাবী - প্ৰাক্তন এন ডি এফ বি

শনিবাৰে বাক্সা জিলাৰ বৰমাত বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ এখন সংবাদমেল অনুস্থিত হয় ৷ সংবাদমেলত এন ডি এফ বিৰ প্ৰাক্তন সদস্য সকলে চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে ৷ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তেওঁলোকৰ ৷

Press Conference of Former NDFB in Baksa
পুনৰ সংস্থাপনৰ দাবী
author img

By

Published : Aug 12, 2023, 6:07 PM IST

প্ৰাক্তন এন ডি এফ বি সদস্যৰ সংবাদমেল

বাক্সা, 12 আগষ্ট : প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ প্ৰাক্তন বাক্সা জিলাৰ প্ৰাক্তন এন ডি এফ বি সদস্যৰ ৷ বিটিআৰ চুক্তি অনুসৰি লাভ কৰিবলগা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷ এই সন্দৰ্ভত শনিবাৰে বাক্সা জিলাৰ বৰমাত বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ এখন সংবাদমেল অনুস্থিত হয় ৷ সংবাদমেলত এন ডি এফ বিৰ প্ৰাক্তন সদস্য সকলে বিটিআৰৰ পাৰিষদীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে ৷

সংবাদমেলযোগে তেওঁলোকে জানিবলৈ দিয়ে যে, তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা আজিও বঞ্চিত হৈ আছে ৷ বিটিআৰ চুক্তি হোৱাৰ দিনৰে পৰা আজিলৈকে তেওঁলোক বঞ্চিত হৈ আছে প্ৰাপ্যৰ পৰা ৷ বিটিআৰ চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি সকলক কাৰাগাৰৰ পৰা এৰি দিব লাগে যদিও এতিয়ালৈকে বহু প্ৰাক্তন কেডাৰ কাৰাগাৰতেই আবদ্ধ হৈ আছে ৷ চুক্তি অনুসৰি এন ডি এফ বিৰ শ্বহীদ পৰিয়ালে পাবলগীয়া পাঁচ লাখ টকা এতিয়াও চৰকাৰে আদায় দিয়া নাই বুলিও অভিযোগ কৰে সংবাদমেলত ৷

যিসকল প্ৰাক্তন এন ডি এফবি সদস্যই চাৰিলাখকৈ পোৱা নাই তেওঁলোকক শীঘ্ৰেই এই ধনৰাশি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও সংবাদমেল যোগে দাবী তোলে প্ৰাক্তন সদস্যসকলে ৷ বিটিআৰ চুক্তি অনুসৰি এনডিএফবি সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে ৷ লগতে প্ৰাক্তন এন ডি এফবি সকলক পৰ্যায়ক্ৰমে সংস্থাপনৰ লগতে স্ব-নিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লব লাগে বুলিও সংবাদ মেলযোগে দাবী উত্থাপন কৰে বাক্সা জিলা প্ৰাক্তন এন ডি এফবিৰ সভাপতি বাবুল বড়োৱে ৷ এই সংবাদমেলত উপস্থিত থাকে বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সহঃসম্পাদক প্ৰিংগলচন স্বৰ্গীয়াৰী, বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সভাপতি দাহাল থুংৰী, প্ৰাক্তন এন ডি এফ বিৰ সম্পাদক বি. ব্ৰহ্মকে ধৰি কেইবাগৰাকী প্ৰাক্তন এন ডি এফ বি নেতা-কৰ্মী ৷

উল্লেখ্য যে, দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই 2020 চনৰ 27 জানুৱাৰীত সম্পন্ন হৈছিল বিটিআৰ শান্তিচুক্তি ৷ এই চুক্তিৰ জৰিয়তে মূলসুঁতিলৈ উভতি আহিছিল বিদ্ৰোহী সংগঠন এনডিএফবিৰ চাৰিওটা গোট ৷ কিন্তু এই চুক্তিৰ পিচত প্ৰাক্তন এনডিএফবি সদস্যৰসকলৰ পুনঃসস্থাপন, উপযুক্ত সকলক চাকৰিত মকৰল কৰা আৰু বিটিআৰ শান্তিচুক্তিৰ আধাৰত গোচৰমুক্ত কৰা আদি কোনো এটা সমস্যা সঠিকভাৱে সমাধান কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি আহিছে প্ৰাক্তন সদস্যসকলে ৷

লগতে পঢ়ক : Protest in Guwahati: পুনৰ ভূমিৰ অধিকাৰৰ দাবীত উত্তাল মহানগৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.