ETV Bharat / state

দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ অধিৱেশনৰ প্ৰস্তুতি - annual conference of Darang and Odalguri District Kaibarta Sanmilani

ওদালগুৰি জিলাৰ ৰজাগড়ত দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সম্মিলনীৰ 37 তম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত (Preparations for annual conference of Kaibarta Sanmilani) । ১৯ আৰু ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অধিৱেশন ৷

37th session of Kaivattya Sammelan organized
কৈৱৰ্ত সন্মিলনীৰ ৩৭ সংখ্যক অধিৱেশন
author img

By

Published : Feb 19, 2022, 7:08 PM IST

তামুলপুৰ, 19 ফেব্ৰুৱাৰী : দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ ৩৭ সংখ্যক অধিৱেশনখন অহা ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ৰজাগড়ৰ প্ৰয়াত মানিক মহাজন সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব (annual conference of Darang and Odalguri District Kaibarta Sanmilani) ৷ ইয়াকে লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰমোদ হাজৰিকা আৰু সম্পাদক শশধৰ দাসে জনোৱা মতে ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৬.৩০ বজাত শৰাই নিবেদন কৰাৰ পিছতেই মুখ্যদ্বাৰ আৰু তোৰণ উন্মোচন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰং জিলাৰ প্ৰাক্তন সভাপতি বীৰেণ চহৰীয়াই ৷

ইয়াৰ পাছতেই পুৱা ৭.৩০ বজাত পৰিবেশ নিকাকৰণ আৰু ৮ বজাত ভাগৱত পাঠ কৰিব ৰজাগড় শাখা কৈৱৰ্ত সন্মিলনীৰ উপদেষ্টা লক্ষীৰাম দাসে (Darang and Odalguri District Kaibarta Sanmilani) ৷ ৯ বজাত পতাকা উত্তোলন কৰিব দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ দাসে ৷ ৯-৩০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাপে উপস্থিত থাকিব ৰজাগড় আঞ্চলিক অনুসূচিত জাতি পৰিষদৰ উপদেষ্টা ৰমেশ চন্দ্ৰ দাসে ৷ ১০ বজাত অনুষ্ঠিত হ’বলগীয়া ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি আগবঢ়াব সমাজ কৰ্মী মহেশ শৰ্মা আৰু দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ সাধাৰণ সম্পাদক তিলক চন্দ্ৰ দাসে ৷

কৈৱৰ্ত সন্মিলনীৰ ৩৭ সংখ্যক অধিৱেশন

সন্ধিয়া ৫-৩০ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব উদযাপন সমিতিৰ সভাপতি প্ৰমোদ হাজৰিকাই ৷ আনহাতে দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্ব অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি শিবিৰৰ উদ্ধোধন কৰিব বৰঙ্গাবাৰী শাখা কৈৱৰ্ত সন্মিলনীৰ উপদেষ্টা প্ৰফুল্ল দাসে ৷ ইয়াৰ পাচত ৬ বজাত বন্তি প্ৰজ্বলন কৰিব দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ কাৰ্যকৰী সভাপতি হৰেশ্বৰ দাসে ৷ ৭ বজাত সাংস্কৃতিক সন্ধিয়াৰ উদ্ধোধন কৰিব শিক্ষয়িত্ৰী কানন ডেকাই ৷

আনহাতে দ্বিতীয় দিনা পুৱা অনুষ্ঠিত হ’ব ক্ৰমে পৰিবেশ নিকাকৰণ, বৃক্ষ ৰোপণ, কাৰ্যালয়/অতিথিশালা উন্মোচন, স্বেচ্ছাসেৱক শিবিৰ মুকলি অনুষ্ঠান ৷ পুৱা ৯.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰিব সমাজকৰ্মী বিকন ডেকাই ৷ আনহাতে দুপৰীয়া দৰং আৰু ওদালগুৰি জিলা কৈৱৰ্ত সন্মিলনীৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্ব অনুষ্ঠিত হ’বলগীয়া মুকলি সভাৰ উদ্ধোধন কৰিব সমাজ সেৱক ভগীৰথ দাসে ৷

সম্বৰ্ধনা আৰু চিনাকী পৰ্ব অনুষ্ঠান পৰিচালনা কৰিব উদযাপন সমিতিৰ সম্পাদক শশধৰ দাসে ৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক যতীন দাসে ৷ অনুষ্ঠানত নিদিৰ্ষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দিপাংকৰ হাজৰিকা, অধ্যক্ষ জীৱন চন্দ্ৰ দাস, দৰং জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি পিংকুমণি দাসে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংসদ দিলিপ শইকীয়া,অসম মীন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বিধায়ক বসন্ত দাসে ৷

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বি টি আৰৰ ই এম দাউবাইচা বড়ো, চক্ৰ বিষয়া মনিষা নাথ, ভেৰগাঁও মহকুমাধিপতি দ্বীপক ভূঞা, ভাৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলাৰ সম্পাদক জোচৰাং বড়োই ৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখিব সমাজকৰ্মী গৌতম শৰ্মা, চাহ পৰিচালক নাগিন্দৰ সিং পালে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব নামঘৰীয়া আনন্দি দাসে ৷ ইফালে নিশা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰিব সমাজ কৰ্মী মনোজ মিশ্ৰই ৷ অনুষ্ঠানটোত অসমবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক : গৰুখুটিৰ উচ্ছেদিত লোকক ভূমি দি সংস্থাপন কৰাক লৈ ক্ষোভিত হৈছে আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.