ETV Bharat / state

বিধান সভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিপিএফে খাতা খুলিব নোৱাৰে : প্ৰমোদ বড়ো

author img

By

Published : Mar 27, 2021, 7:00 PM IST

কংগ্ৰেছ মহাজোঁটক তীব্ৰ কটাক্ষ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৷ বাক্সা জিলাৰ নিকাছিত উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বড়োৱে এই মন্তব্য কৰে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে জয়লাভ কৰিবলৈ কোনো আসন বিচাৰি পোৱা নাই বুলি মন্তব্য বড়োৰ ৷

pramod boro criticizes congress mahajath
বিধান সভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিপিএফে খাতা খুলিব নোৱাৰে : প্ৰমোদ বড়ো

বাক্সা,27 মাৰ্চ: "বিধান সভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিপিএফে খাতা খুলিব নোৱাৰে ৷ তেওঁ বিটিচিৰ 12 খন আসন লাভ কৰিব বুলি কৈছে যদিও এখনো আসন নাপায় ৷", এই মন্তব্য বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৷ শনিবাৰে বাক্সা জিলাৰ নিকাছিত 63 নং চাপাগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পূৰ্বে সাংবাদিকৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে এই মন্তব্য কৰে ৷

তেওঁ কয় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে জয়লাভ কৰিবলৈ কোনো আসনে বিচাৰি পোৱা নাই ৷ মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ মুখ বহুত, গতিকে ৰাইজে কাৰ মুখ চাই ভোট দিব বুলি প্ৰশ্ন কৰি বড়োৱে বদৰুদ্দিন আজমলৰ মুখ চাইও মহাজোঁটক ভোট নিদিয়ে বুলি কটাক্ষ কৰে ।

ইফালে বৰমা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰা সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত প্ৰচাৰ চলাবনে বুলি সোধা প্ৰসংগত তেখেতে সেয়া সময়েহে ক'ব বুলি এক কৌশলপূৰ্ণ মন্তব্য কৰে ৷ দলীয় প্ৰাৰ্থী ইউ জি ব্ৰহ্মই 1 লাখতকৈও অধিক ভোট লাভ কৰি বিজয়ী হ'ব বুলি দৃঢ়তাৰে মন্তব্য কৰাৰ লগতে তেওঁ বিজয়ী হ'লে চাপাগুৰী সমষ্টিৰ নক্সাই সলনি কৰি দিব বুলিও ভাষণত উল্লেখ কৰে ৷

শনিবাৰে অনুষ্ঠিত এই সভাত কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে ঘনশ্যাম দাস, ৰাকেশ ব্ৰহ্ম, প্ৰাৰ্থী ইউ জি ব্ৰহ্ম, জিলা বিজেপি সভাপতি ৰাম দাহাল, উপ সভাপতি ৰিদীপ ডেকা, ইউপিপিএলৰ সাংঠনিক সম্পাদক মুজিৱ আলি আহমেদ, সম্পাদক মইনুল আলি, বড়ো শিল্পী বিগ্ৰাইকে ধৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ৷ ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সম্পাদক দয়াল শৰণীয়াই আঁত ধৰা এই সভাত প্ৰায় 2000 লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: লামডিঙত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শক্তি প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.