ETV Bharat / state

বাক্সাত প্ৰজ্ঞা ফাউণ্ডেচনৰ সংস্কাৰ জাগৰণ যাত্ৰাৰ সামৰণি

author img

By

Published : Mar 4, 2021, 7:25 PM IST

সমাজ সচেতনতাৰ বাবে বাক্সাত প্ৰজ্ঞা ফাউণ্ডেচনৰ জন জাগৰণ যাত্ৰা ৷ কেইবাটাও কাৰ্যসূচী লৈ ৰাইজৰ লগত মত বিনিময় ফাউনণ্ডেচনৰ ৷ 4 মাৰ্চত সফল সামৰণি ৷

pragya-foundation-in-baska
pragya-foundation-in-baska

বাক্সা, ৪ মাৰ্চ: সমাজত সচেতনতা বৃদ্ধিৰ বাবে সমগ্ৰ অসমতে প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হয় এশটা বিশেষ জন জাগৰণ যাত্ৰা আৰম্ভ হৈছে ৷ বাক্সা জিলাত ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই জন জাগৰণ যাত্ৰাৰ বৃহস্পতিবাৰে ত সফল সামৰণি পৰে ৷ সংস্কাৰ জাগৰণ যাত্ৰা নামেৰে আৰম্ভ হোৱা এই যাত্ৰাত জিলাখনৰ ৰাইজৰ সৈতে মত-বিনিময় কৰে প্ৰজ্ঞা ফাউণ্ডেচনৰ কৰ্মীসকলে ৷ এই যাত্ৰাৰ মূল বিষয় কেইটা হৈছে ক্ৰমে সংস্কাৰমুখী প্ৰমূল্যৰে আদৰ্শ পৰিয়াল প্ৰতিষ্ঠা, সমাজ গঠনত গাঁও আৰু ভূমি সুৰক্ষাৰ গুৰুত্ব, সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্য বৰ্জন আৰু সমাজ সুৰক্ষা, থলুৱা সাংস্কৃতিক ঐতিহ্য সুৰক্ষা, প্ৰকৃতি সুৰক্ষা প্ৰভাৱশালী চিন্তন আৰু ভাৰতীয় দৰ্শন আৰু জৈৱিক কৃষি আৰু গো-পালনৰ প্ৰয়োজনীয়তা ৷

জন জাগৰণ যাত্ৰাৰ সামৰণিৰ অন্তত মুছলপুৰত এক জাগৰণ সভা অনুষ্ঠিত হয় ৷ জাগৰণ সভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্তীয় সেৱা প্ৰমুখ অনুপম সৰকাৰ, প্ৰজ্ঞা ফাউণ্ডেচনৰ বাক্সা জিলাৰ উপ-সভাপতি তৰুণ শৰ্মা, সহকাৰী সম্পাদক কুলেন কুমাৰ নাথ, মুছলপুৰ মহকুমাৰ সভাপতি দেবেন ডেকা, শিক্ষাবিদ সুৰেন্দ্ৰ নাথ বাৰ্মা, সমাজকৰ্মী বিপিন বৰুৱাই সমাজ সংস্কাৰমূলক বক্তব্য প্ৰদান কৰে ৷ প্ৰজ্ঞা ফাউণ্ডেচনে আৰম্ভ কৰা এই যাত্ৰাত গাঁৱে-ভূঞে ৰাইজৰ বিপুল সমাদৰ লাভ কৰা বুলি ফাউণ্ডেচনৰ কৰ্মীসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ অনুৰাগ কাশ্যপ আৰু তাপস্বী পান্নুৰ ঘৰত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.