ETV Bharat / state

Poor bridge condition: এখন কাঠৰ দলঙে জ্বলা-কলা খুৱাইছে বাক্সাবাসীক

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:21 PM IST

বাক্সা জিলাৰ কদমতলচক-মুছলপুৰ গড়কাপ্তানি পথ সংযোগী কুছিজাৰৰ পৰা পুৰাণশ্ৰীপুৰ দেবালয়লৈ যোৱা পথৰ মাজৰ দলঙে জ্বলা-কলা খুৱাইছে স্থানীয় লোকক ৷

Poor bridge condition in Baksa
দলঙে জ্বলা-কলা খুৱাইছে বাক্সাবাসীক
দলঙে জ্বলা-কলা খুৱাইছে বাক্সাবাসীক

বাক্সা, 4 ছেপ্টেম্বৰ : হায় উন্নয়ন! বাক্সা জিলাৰ কদমতলচক-মুছলপুৰ গড়কাপ্তানি পথ সংযোগী কুছিজাৰৰ পৰা পুৰাণশ্ৰীপুৰ দেবালয়লৈ যোৱা পথৰ মাজৰ কাঠৰ দলংখন কেইবা বছৰ পূৰ্বে ভাগি জৰাজীৰ্ণ ৰূপ লৈছে ৷ সেই পথেৰে দৈনিক হেজাৰ হেজাৰ মানুহ খাৰুৱা, বৰমালৈ আহ যাহ কৰে ৷ তৎসত্বেও সেই স্থানত আজিও কাঠৰ দলঙৰ সলনি এখনো পকী দলং নিৰ্মাণ হৈ নুঠিল ৷ যাৰ ফলত সেই ঠাইৰ লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাই দেখা দিছে । পথটোৰ বিষয়ে জনপ্ৰতিনিধিৰ পৰা চৰকাৰী বিষয়া সকলো জ্ঞাত যদিও আজিলৈকে যাতায়াতৰ ক্ষেত্ৰত সুচল নহ’ল পথটি ৷

কিছু বছৰ পূৰ্বে চৰকাৰী অনুদানেৰে পথটিৰ একাংশ মেৰামতিৰ কাম হৈছিল যদিও পথটি আজিও সম্পূৰ্ণকৈ নিৰ্মাণ হৈ উঠা নাই ৷ ফলত সেই ঠাইৰ লোকসকলে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহেৰে সাজি উলিয়াই এখন সৰু দলং ৷ ইফালে সেই দলংখনেৰে মানুহে কোনো মতেহে আহ যাহ কৰিব পাৰে । যিহেতু পুৰাণশ্ৰীপুৰ দেৱালয় এটা ঐতিহাসিক মন্দিৰ য’ত, দূৰ দূৰণিৰ পৰা দুৰ্গাপূজা আৰু কালীপূজাত ভক্তৰ সমাগম হয় ৷ এতিয়া দিন পাৰ হৈ যোৱাৰ লগে লগে ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছে পথটি ৷ এতিয়া বিপদসংকুলভাৱে দৈনিক লোকে এই পথেৰে আহ-জাহ কৰিবলগীয়া হৈছে ৷

ইফালে দলংখনৰ মাজে মাজে ডাঙৰ ডাঙৰ ফাক হোৱাৰ ফলক লোকসকলে চাই চিতি পাৰ হ’বলগীয়া হৈছে ৷ পূৰ্বে এই দলংখনেৰে পাৰ হওঁতে সৰু ডাঙৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ দলংখনেৰে গাড়ী মটৰতো দূৰৰে কথা, মানুহ খোজ কাঢ়ি যাবলৈও ভয় হয় ৷ প্ৰতিবাৰেই নিৰ্বাচন অহাৰ সময়ত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে জয়ী হৈ পথ-দলং নিৰ্মাণ কৰি সম্পূৰ্ণ ৰূপে যাতায়াত সুচল কৰি দিয়াৰ কথা ঘোষণা কৰে ৷ কিন্তু এনে বহু নিৰ্বাচন শেষ হৈ গ’ল তৎসত্ত্বেও পথটিৰ যাতায়াত আজিও সম্পূৰ্ণ সুচল হৈ উঠা নাই ৷

স্থানীয় লোকে জনোৱা মতে কেতিয়াবা কেতিয়াবা কোনো দুই এজন ব্যক্তি আহি দলংখনৰ জোখ-মাপ কৰি লৈ গৈ থাকে কিন্তু সেয়া জোখ-মাপতে সীমাবদ্ধ হৈ থাকে, দলং নিৰ্মাণৰ কাম আজিও হৈ নুঠিল । সম্প্ৰতি বাঁহৰ দলংখন এতিয়া আৰু অধিক জৰাজীৰ্ণ হৈ পৰিছে ৷ সেয়ে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে উক্ত পথ-দলং নিৰ্মাণ কৰি সম্পূৰ্ণৰূপে যাতায়াত সুচল কৰাৰ বাবে দাবী জনাইছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক: Assam BJP vs Congress: নিজৰ সমষ্টিৰ এগৰাকীও পঞ্চায়ত প্ৰতিনিধি জয়ী কৰাব নোৱাৰে ভূপেন বৰাই; ৰঞ্জীৱ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.