বাক্সা,1আগষ্ট : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ গৃহ নিৰ্মাণৰ নামত ভিচিডিচিৰ সদস্যই আত্নসাৎ কৰিলে বিধৱা বৃদ্ধা মহিলাৰ নামত অহা আৱাস গৃহৰ ধন ৷ বিটিচিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ১ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিত সংঘটিত হৈছে এই দুৰ্নীতি ৷ অঞ্চলবাসীৰ অভিযোগ অনুসৰি ভাৰত- ভূটান সীমান্তত বসবাস কৰা ১ নং পাহাৰপুৰ অঞ্চলৰ দৰিদ্ৰলোকসকলৰ বাবে প্ৰায় তিনি বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ গৃহ আৱন্টন লাভ কৰিছিল । দৰিদ্ৰ পৰিয়ালসমুহে ঘৰৰ আৱন্টনহে পালে যদিও, ঘৰকেইটাৰ বেৰসমূহৰ কাম সম্পূৰ্ণ কৰি ওপৰত টিনপাত নিদিয়াকৈয়ে দ্বায়িত্ব সামৰিলে ভিচিডিচিৰ সদস্যই ৷ বৰ্তমান এই গৃহকেইটাত লগোৱা কাঠসমূহ পচি যোৱাৰ লগতে গৃহকেইটাৰ চৌহদ হাবি জংগলেৰে ভৰি পৰিছে ৷ ইফালে, এই দুৰ্নীতিৰ কথা চৰকাৰ তথা জনপ্ৰতিনিধিক বহুবাৰ জনায় অহা হৈছে যদিও বৰ্তমানলৈ কোনো গুৰুত্ব বহন কৰা নাই জনপ্ৰতিনিধিয়ে ৷ যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে এতিয়া দুৰ্ভগীয়া পৰিয়ালসমূহ ৷
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি - দৰংগাজুলি
বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ ভিচিডিচিৰ সদস্যই আত্নসাৎ কৰিলে বৃদ্ধা মহিলাৰ নামত অহা আৱাস গৃহ ৷
বাক্সা,1আগষ্ট : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ গৃহ নিৰ্মাণৰ নামত ভিচিডিচিৰ সদস্যই আত্নসাৎ কৰিলে বিধৱা বৃদ্ধা মহিলাৰ নামত অহা আৱাস গৃহৰ ধন ৷ বিটিচিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ১ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিত সংঘটিত হৈছে এই দুৰ্নীতি ৷ অঞ্চলবাসীৰ অভিযোগ অনুসৰি ভাৰত- ভূটান সীমান্তত বসবাস কৰা ১ নং পাহাৰপুৰ অঞ্চলৰ দৰিদ্ৰলোকসকলৰ বাবে প্ৰায় তিনি বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ গৃহ আৱন্টন লাভ কৰিছিল । দৰিদ্ৰ পৰিয়ালসমুহে ঘৰৰ আৱন্টনহে পালে যদিও, ঘৰকেইটাৰ বেৰসমূহৰ কাম সম্পূৰ্ণ কৰি ওপৰত টিনপাত নিদিয়াকৈয়ে দ্বায়িত্ব সামৰিলে ভিচিডিচিৰ সদস্যই ৷ বৰ্তমান এই গৃহকেইটাত লগোৱা কাঠসমূহ পচি যোৱাৰ লগতে গৃহকেইটাৰ চৌহদ হাবি জংগলেৰে ভৰি পৰিছে ৷ ইফালে, এই দুৰ্নীতিৰ কথা চৰকাৰ তথা জনপ্ৰতিনিধিক বহুবাৰ জনায় অহা হৈছে যদিও বৰ্তমানলৈ কোনো গুৰুত্ব বহন কৰা নাই জনপ্ৰতিনিধিয়ে ৷ যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে এতিয়া দুৰ্ভগীয়া পৰিয়ালসমূহ ৷
ভাষ্য : হিতাধিকাৰী
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম