ETV Bharat / state

বাক্সাত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 92.92 টকা - বাক্সা

অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ বাক্সা জিলাত প্ৰতি লিটাৰৰ পেট্ৰ'লৰ দাম 92.92 হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য 87.35 টকা হয় ৷

petrol diesel price hike
বাক্সাত পেট্ৰ'লৰ প্ৰতি লিটাৰৰ মূল্য 92.92 টকা
author img

By

Published : Jun 15, 2021, 7:39 PM IST

বাক্সা, 15 জুন : পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সাধাৰণ জনতাক ৷ পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে অভাৱনীয় বাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ ইতিমধ্যে শতকৰ কাষ চাপিল পেট্ৰ'ল-ডিজেলৰ মূল্য ৷

বাক্সাত পেট্ৰ'লৰ প্ৰতি লিটাৰৰ মূল্য 92.92 টকা

বাক্সাত মঙলবাৰে পেট্ৰ'লৰ প্ৰতি লিটাৰত 92.92 হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতি লিটাৰত দাম ৮৭.৩৫ টকা হয় ৷ ইফালে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে বাক্সাৰ একাংশ লোকে ক্ষোভ প্ৰকাশ কৰি কয়, চৰকাৰে খাৰুৱা তেল, দাইল, মিঠাতেল আদিৰ দাম কমাই কিছুমান আঁচনি যেনে অৰুণোদয় আঁচনি, খেতিয়কৰ কিষাণ যোজনা আদি বন্ধ কৰি দিব লাগে ৷

উল্লেখ্য যে, ক'ভিড ভয়াৱহতাৰ ফলত ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ঘোষণা কৰা আংশিক লকডাউনে এক অনিশ্চয়তা কঢ়িয়াই আনিলে আজিৰ সমাজ ব্যৱস্থালৈ ৷ ইতিমধ্যে স্তব্ধ হৈ পৰিল শিক্ষা ব্যৱস্থাৰ লগতে ব্যৱসায়-বাণিজ্য আৰু আন আন ক্ষেত্ৰসমূহ ৷ বজাৰ অভাৱত একাংশ খেতিয়কে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ইয়াৰ মাজতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যৰ জনসাধাৰণে ৷

লগতে পঢ়ক: অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.