ETV Bharat / state

হাগ্ৰামা আৰু নৱ শৰণীয়া একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি

author img

By

Published : Mar 31, 2019, 11:51 PM IST

বাক্সাৰ নিজ ডেফেলী পথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় পিপুলছ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷

বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

তামুলপুৰ, 31 মাৰ্চঃ বাক্সাৰ তামুলপুৰ মহকুমাৰ নিজ ডেফেলী পথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় পিপলছ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ দেওবাৰে দিনৰ 12 বজাত অহা ধুমুহা বৰষুণৰ বাবে অধিৱেশনস্থলী ভাঙি পৰে যদিও পিছত ডেভেলী হাইস্কুলৰ মুকলি মঞ্চত অধিৱেশনৰ মূল সভাখন অনুষ্ঠিত হয় ৷

বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

মুকলি অধিৱেশনত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰীকেধৰি বহুকেইগৰাকী নেতা৷সমাগত লোকসভা নিৰ্বাচনক লৈ শংকিত হৈ আছে হাগ্ৰামা মহিলাৰী ৷ সেয়েহে ইউ পি এলৰ বিৰুদ্ধে আবোল-তাবোল বকি আছে হাগ্ৰামাই৷ গছ কটা, কাঠ ফলা আৰু কাঠ ফলা মেচিনৰ মানুহ হাগ্ৰামাৰে, কিন্তু এই সকলো অপযশ এবছু আৰু এন ডি এফ বি প্ৰগতিশীলৰ ওপৰত জাপি দি দায় সাৰিব বিছাৰিছে ৷ বিগত বছৰ সমূহত হাগ্ৰামাই কেৱল টকা আৰু টকা আত্মসাৎ কৰিছে বুলি কয় গোবিন্দ বসুমতাৰীয়ে ৷

বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

আনহাতে, এবছুৰ সভাপতি প্ৰমোদ বড়োৱেহাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি এনেকুৱা নেতাৰ বাবেই বিটিচি উন্নয়নৰ পৰা বঞ্চিত হৈ আছে বুলি কয় ৷ এনেকুৱা নেতাৰ দলক ভোট দিলে বিটিচিৰ ৰাইজ সামাজিক আৰু অৰ্থনৈতিকভাৱে আৰু পিছপৰি যাব ৷ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া আৰু হাগ্ৰামা মহিলাৰী একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলি কয় প্ৰমোদ বড়োৱে ৷

Intro:হাগ্ৰামা , নৱ কুমাৰ শৰণীয়া এটা মুদ্ৰাৰ ইপিঠি সিঠি ।
দুয়োৰে ৰাজনীতি বড়ো অবড়ো -প্ৰমোদ বড়ো ।

Body: বাক্সাৰ তামুলপুৰ মহকুমাৰৰ নিজ ডেফেলী বাথৌ পথাৰত যোৱা কালিৰে পৰা আৰম্ভ হোৱা পিপোলছ জইন্ট এক্সন কমিটি ফৰ বডোলেণ্ড মুভমেন্টৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিবসৰ আজি অন্তিম দিন আছিল ৷ দেওবাৰে দিনৰ ১২ বজাত অহা ধুমুহা বৰষুণ জাকে প্ৰথমে মুকলি অধিবেশনৰ ৰভা মঞ্চ চুৰ্ণ বিচুৰ্ণ কৰি আউল লগাই যদিও পাছত ডেফেলী হাইস্কুলৰ মুকলি মঞ্চত মুকলি অধিবেশনৰ মুকলি কৰে । মুকলি অধিবেশনত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে উপস্থিত থাকি সাংবাদিকৰ আগত তেওঁ কয় যে এনেকুৱা ধৰণৰ আবুল তাবুল বোকা ৰাজনৈতিক নেতাৰ দলত যদি আৰু কেইবছৰমান থাকিব লাগে তেতিয়া হলে ৰাইজ সামাজিক অৰ্থনৈতিক ভাৱে আৰু অধিক পিছ পৰি যাব । তেখেতে বিটিচিৰ কি কি আচনী ৰূপায়ণ কৰিলে অসমৰ চৰকাৰৰ আচনী সমুহকে ৰাইজৰ আগত সোণা লাগিব নেকি বুলি প্ৰশ্ন কৰে । ১৫ বছৰে শাসনত থাকি নিজেই কি কৰিলে কেন্দ্ৰীয় চৰকাৰৰ আচনী বোৰ হে বিলাই থাকিল বুলি কয় আৰু তেওঁ কয় যে মই যদিও শাল গছ কাটি চুৰ কৰিছোঁ তেতিয়া হলে জেলত নিদিয়ে কিয় আইন নিজৰ হাতত হে আছে । হাগ্ৰামা মহিলাৰী নিজেই এজন ডাঙৰ বেপাৰী বিজেপি লগত থাকিও কংগ্ৰেছৰ লগত আলোচনা কৰে । যি চৰকাৰ আহে সেই দলৰ লগতে থাকে । ১৫ টা বছৰে টকা খোৱাটে ব্যস্ত হৈ থাকিল সেই কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০ কোটি হাজাৰ কোটি বিছাৰে । হাগ্ৰামা মহিলাৰীৰ নিজৰ চৰকাৰৰ মানুহে পৰিৱৰ্তন বিছাৰিছে আমাক তেওঁৰ চৰকাৰৰ মানুহে জনাইছে । নৱ কুমাৰ শৰণীয়া আৰু হাগ্ৰামা মহিলাৰী
একে মুদ্ৰাৰ ইপিঠি সিপিঠি দুয়োটাৰে উদ্দেশ্য বড়ো অবড়ো ৰাজনীতি ।

Conclusion:গোবিন্দ বসুমতাৰীৰ ভাষ্য : হাগ্ৰামা মহিলাৰীৰ স্থিতি খুব ভাল নহয় সমাগত যি লোকসভা নিৰ্বাচন তেওঁৰ বিৰুদ্ধে গৈ আছে সেয়ে সংকিত হৈ আছে । গছ কটা, কাঠ ফলা আৰু কাঠ ফলা মেচিনৰ গৰাকী সকলো হাগ্ৰামা মহিলাৰীৰে মানুহ । এই গোটেই বোৰ অপজশ এবছু আৰু এন ডি এফ বি (পি) ওপৰত জাপি দি দাই সাৰিব বিছাৰিছে । বিটিচিৰ জনগণ গম পাইছে কোনো কাক প্ৰতাৰণা কৰি আছে । ১৫ টা বছৰে টকা খোৱাতে ব্যস্ত থাকিল সকলো জাতি জনগোষ্ঠীকে প্ৰতাৰণা কৰিলে মহিলাৰীয়ে ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.