ETV Bharat / state

বাক্সাত দুখনকৈ বাঁহৰ দলঙে জলাকলা খুৱাইছে স্থানীয় ৰাইজক

আধাৰশিলা স্থাপনৰ পিচতে কাম আৰম্ভ হৈছিল যদিও ঠিকাদাৰে নিম্নমানৰ কামেৰে নিৰ্মাণ কৰা দলংখনৰ এফাল খহি পৰাৰ ফলত আধাতে দায়িত্ব সামৰাৰ অভিযোগ তুলিছে জাৰতালুক গাঁৱৰ সভাপতিয়ে

author img

By

Published : May 1, 2019, 9:50 PM IST

বাক্সাত দুখনকৈ বাঁহৰ দলঙে জলাকলা খুৱাইছে স্থানীয় ৰাইজক

বাক্সা, 1 মেঃ বৰষুণৰ ফলত জাৰতালুক আৰু তামুলপুৰত ক্ৰমাৎ ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷ ২০১৬ -১৭ চনতে পাগলদিয়া নদীত দ্বিতীয় খন দলং নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই। আধাৰশিলা স্থাপনৰ পিচতে কাম আৰম্ভ হৈছিল যদিও ঠিকাদাৰে নিম্নমানৰ কামেৰে নিৰ্মাণ কৰা দলংখনৰ এফাল খহি পৰাৰ ফলত আধাতে দায়িত্ব সামৰাৰ অভিযোগ তুলিছে জাৰতালুক গাঁৱৰ সভাপতিয়ে।

বাক্সাত দুখনকৈ বাঁহৰ দলঙে জলাকলা খুৱাইছে স্থানীয় ৰাইজক

আৰু পঢ়কঃ বলিৰ পৰিৱৰ্তে মাহ-প্ৰসাদেৰে পালন ৫০ বছৰীয়া বাথৌ পূজা

ঠিকাদাৰৰ হেমাহীৰ বাবে এতিয়া যমৰ যাতনা ভুগিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। বাঁহৰ দলংখন নিৰ্মাণ কৰা যুৱকসকলে জানিবলৈ দিয়া মতে এই দলংখনেৰে তিনিশতকৈ অধিক বাইক বিপদ সংকুল ভাৱে প্ৰতি দিনে অহা যোৱা কৰিছে। কিন্তু বৰ্তমানেও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

Intro:বাক্সাত ৰাইজক দুখনকৈ বাহৰ দলঙে জলাকলা খোৱাইছে ।

Body: সপ্তদশ লোক সভা নিৰ্বাচনৰ বৈটুৰণী ইতিমধ্যে সুকলমে পাৰ হৈ গল । পিছে তামুলপুৰ আৰু জাৰতালুক বাসী ৰাইজৰ আশাহে পুৰণ নহল । এতিয়া সমাগত বাৰিষা দুদিন বৰষুণতে পাগলদীয়া নৈখন ফেনে ফুটুকাৰে বাঢ়িবলৈ ধৰিছে । সেয়ে জাৰতালুক আৰু তামুলপুৰ বাসীয়ে জিলা সদৰলৈ যাবৰ বাবে পথ যোগাযোগ ব্যাহত হৈ পৰাৰ ভয়ে ৰাইজক ব্যধিত কৰি তুলিছে ।
যিটো সময়ত ৰাজ্যৰ বিত্তীয় আৰু স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যত এখনো কাঠৰ দলং নাথাকিব বুলি দম্ভালি মাৰিছিল তেনেতে পোহৰলৈ আহিছে বাক্সা জিলাৰ তামুলপুৰ ধমধমা সংযোগী পথৰ জাৰতালুকত দুখনকৈ বাহৰ দলং থকাৰ কথা । যত আপুনি তামুলপুৰ পৰা ধমধমা হৈ মছলপুৰলৈ যাবলৈ বা আহিবলৈ হলে অহা যোৱাৰ কাৰণে ২০টকা নিজৰ পকেটত লৈ হে যাত্ৰা কৰিব লাগিব । উল্লেখ্য যে ২০১৬ -১৭ চনতে এই পাগলদীয়া নদীত দ্বিতীয় খন দলং নিৰ্মাণৰ বাবে আধাৰশীলা স্থাপন কৰিছিল বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই । আধাৰশীলাৰ স্থাপনৰ পিছতে কাম আৰম্ভ হৈছিল যদিও কিন্তু ঠিকাদাৰে নিম্নমানৰ কামৰে নিৰ্মাণ কৰা দলংখনৰ এফাল খহি পৰাৰ ফলত আধাতে কাম কৰিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰে এই অভিযোগ জাৰতালুক গাঁৱৰ সভাপতিৰ ।

Conclusion:ঠিকাদাৰৰ হেমাহীৰ বাবে এতিয়া ৰাইজে যমৰ যাতনা ভূগিব লগীয়া হৈছে । বাহৰ দলংখন নিৰ্মাণ কৰা যুৱক সকলে জানিব দিয়া মতে এই দলংখনেৰে তিনিশতকৈ অধিক বাইক বিপদ সংকুল ভাৱে প্ৰতি দিনে অহা যোৱা কৰে । লক্ষণীয় যে এই দৃশ্যলৈ মন কৰক কি দৰে বাহৰ দলংখনৰ ওপৰেৰে এখন চাৰি চকীয়া বাহন মৃত্যুক আগত ৰাখি পাৰ হৈ অহাৰ দৃশ্য ।
পিছে ইতিমধ্যে সপ্তদশ লোক সভা নিৰ্বাচনৰ বৈটুৰণী পাৰ কৰিলে জনপ্ৰতিনিধি সকলে , আকৌ ইয়াৰ পিছত কি কি নিৰ্বাচন পাৰ হৈ সেয়া সময়হে কব । নে এনেদৰেই পাৰ কৰিব লাগিব জাৰতালুক বাসীয়ে জীৱনৰ আদি কালচোৱা ।

ভাষ্য : ১/ জাৰতালুক গাঁৱৰ সভাপতি ২/ দলংখনৰ পৰিচালনা কৰা যুৱক ৩/ পথচাৰী

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.