ETV Bharat / state

ভ্ৰাম্যমাণৰ এজন অৱহেলিত শিল্পী, তেওঁ আজি এলাগী...

অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল অচ্যুত লহকৰৰ নটৰাজ থিয়েটাৰত নৃত্য শিল্পী হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত ৰূপালীম,অসম ষ্টাৰ,পৰিহৰেশ্বৰ থিয়েটাৰত নৃত্য পৰিচালনা কৰাৰ উপৰিও বড়ো আৰু নেপালী ভাষাৰ নাট্যদল চোৰাংমঞ্জু আৰু লামিগুৰাচ থিয়েটাৰত নৃত্য পৰিচালক হিচাপে কাম কৰিছিল তেখেতে ৷

author img

By

Published : Jun 26, 2019, 7:31 PM IST

ভ্ৰাম্যমাণৰ এজন অৱহেলিত শিল্পী

৩৮ বছৰে ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত হৈ থকা এজন মাটিৰ শিল্পী ৷ এসময়ত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলত নৃত্য পৰিচালনা কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল তেওঁ ৷ যাত্ৰা পাৰ্টীৰ পৰা ভ্ৰাম্যমাণলৈ উত্তৰণৰ এই সমগ্ৰ পৰিক্ৰমাত তেখেতৰ অৱদান অনস্বীকাৰ্য ৷ বাক্সাৰ বিলপাৰ গাঁৱৰ বাসিন্দা এইগৰাকী প্ৰখ্যাত নৃত্যশিল্পী এতিয়া এলাগী হ'ল....

এজন অৱহেলিত শিল্পীৰ কথাৰে...

৩৮ বছৰে ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত হৈ থকা এজন মাটিৰ শিল্পী ৷ এসময়ত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দলত নৃত্য পৰিচালনা কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল তেওঁ ৷ যাত্ৰা পাৰ্টীৰ পৰা ভ্ৰাম্যমাণলৈ উত্তৰণৰ এই সমগ্ৰ পৰিক্ৰমাত তেখেতৰ অৱদান অনস্বীকাৰ্য ৷ বাক্সাৰ বিলপাৰ গাঁৱৰ বাসিন্দা এইগৰাকী প্ৰখ্যাত নৃত্যশিল্পী এতিয়া এলাগী হ'ল....

এজন অৱহেলিত শিল্পীৰ কথাৰে...
Intro:যাত্ৰা পাৰ্টীৰ পৰা ভ্ৰাম্যমান থিয়েটাৰলৈ এক সূদীৰ্ঘ পৰিক্ৰমা ৷ নৃত্য শিল্পীৰ পৰা নৃত্য পৰিচালকলৈ ৩৮ বছৰে ভ্ৰাম্যমান থিয়েটাৰত জড়িত হৈ আছিল মানুহজন ৷ পিচে এতিয়া দিন হাজিৰা নকৰিলে খাবলৈ নাপায় পেটৰ ভাতমুঠি ৷ এই সন্দৰ্ভত এক প্ৰতিবেদন-------Body:সূদীৰ্ঘ ৩৮ টা বছৰে ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে জড়িত আছিল মানুহজন ৷ নৃত্য শিল্পীৰ পৰা নৃত্য পৰিচালকলৈ জড়িত আছিল ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰত ৷ পোন্ধৰ বছৰ বয়সতে অভয়াপুৰীৰ দীগাম্বৰ অপেৰা নামৰ যাত্ৰা পাৰ্টীত নৃত্য শিল্পী হিচাপে যোগদান কৰিছিল কৃষ্ণ দাসে ৷ বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁওৰ কৃষ্ণ দাসে পৰৱৰ্তী সময়ত যাত্ৰাপাৰ্টী এৰি অচ্যুত লহকৰে প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ প্ৰথমটো ভ্ৰাম্যমান নাট্যদল নটৰাজ থিয়েটাৰত যোগদান কৰে নৃত্য শিল্পী হিচাপে ৷ তাৰ পিচত একাদিক্ৰমে ৰূপালীম, অসম ষ্টাৰ, পৰিহৰেশ্বৰ থিয়েটাৰত নৃত্য পৰিচালনা কৰাৰ উপৰিও বড়ো আৰু নেপালী ভাষাৰ নাট্যদল চোৰাংমঞ্জু আৰু লামিগুৰাচ থিয়েটাৰত নৃত্য পৰিচালক হিচাপে কাম কৰে ৷ জীৱনৰ ৩৮ টা বছৰে ভ্ৰাম্যমানৰ লগত জড়িত থাকি বিভিন্ন প্ৰযোজক, অভিনেতাৰ প্ৰসংশা বুটলিবলৈ সক্ষম হোৱা কৃষ্ণ দাস এতিয়া পাহৰণিৰ গৰ্ভত ৷ বৰ্তমানৰ ভ্ৰাম্যমানৰ প্ৰযোজক, পৰিচালক অথবা অভিনেতা - অভিনেত্ৰীয়ে চিনি নাপায় কৃষ্ণ দাসক ৷ গ্লেমাৰ সৰ্বোচ্চ ভ্ৰাম্যমানত এতিয়া স্থান নাই এইগৰাকী শিল্পীৰ ৷ আনকি দুবেলা পেট পুৰাই খাবলৈও নাই কৃষ্ণ দাসৰ ৷ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা কৃষ্ণ দাসে আনকি চৰকাৰৰ আঁচনিৰ পৰাও বঞ্চিত ৷ হিতেশ্বৰ শইকীয়াৰ শাসনকালতে এটা ঘৰ লাভ কৰাৰ বিপৰিতে আজিলৈকে চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি নাপালে নৃত্য শিল্পীগৰাকীক ৷ টিনপাতৰ এটা জুপুৰীতে পত্নী আৰু সন্তানৰ সৈতে এতিয়া বসবাস কৰি আছে ৭৩ বছৰীয়া শিল্পীগৰাকীয়ে ৷Conclusion:যিসময়ত ৰাজ্যৰ ভ্ৰাম্যমান থিয়েটাৰত চলি থকা চিণ্ডিকেটৰাজক লৈ শিল্পী , প্ৰযোজক, নাট্যকাৰৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হৈছে তেনে সময়তে ৩৮ বছৰে নৃত্য শিল্পৰ লগত জড়িত শিল্পীৰ দূৰ্দশাৰ ছৱিয়ে সাংস্কৃতিক জগতখনৰ এটা কলা অধ্যায়হে উন্মোচন কৰিছে ৷
বাইট--- কৃষ্ণ দাস,,,, বঞ্চিত শিল্পী ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.