ETV Bharat / state

নাগ্ৰীজুলী চাহ বাগিচাত উৰিয়া সাংস্কৃতিক সমাৰোহ

অসম চৰকাৰে উৰিয়া জনগোষ্ঠীৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ আক্ষেপ অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মী তাঁতীৰ ৷ জনজাতিকৰণৰ প্ৰক্ৰিয়াত উৰিয়া জনগোষ্ঠীৰ নামো অন্তভুক্ত কৰাৰ দাবী ৷

oriya cultura event is organised in nagrijuli tea estate in baksa
জনজাতিকৰণৰ প্ৰক্ৰিয়াত উৰিয়া জনগোষ্ঠীৰ নাম অন্তভুক্ত কৰাৰ দাবী
author img

By

Published : Feb 29, 2020, 6:34 PM IST

বাক্সা,29 ফেব্ৰুৱাৰীঃ বাক্সাৰ নাগ্ৰীজুলী চাহ বাগিচাত শনিবাৰে অনুষ্ঠিত হয় উৰিয়া সাংস্কৃতিক সমাৰোহ ৷ ওদালগুৰি জিলা উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সহযোগত অনুষ্ঠিত কৰা হয় জনগোষ্ঠীটোৰ সাংস্কৃতিক সমাৰোহৰ অনুষ্ঠানটি ৷ সাংস্কৃতিক সমাৰোহত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মী তাঁতীয়ে অংশগ্ৰহণ কৰি মন্তব্য কৰে যে,অসমত বৰ্তমান বসবাস কৰি থকা ৫০ লাখতকৈ অধিক উৰিয়া লোকৰ উন্নয়ণৰ বাবে অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদে নিজাববীয়াকৈ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ।

জনজাতিকৰণৰ প্ৰক্ৰিয়াত উৰিয়া জনগোষ্ঠীৰ নাম অন্তভুক্ত কৰাৰ দাবী

অসম চৰকাৰৰ কাৰ্যকলাপ সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰি সভাপতিগৰাকীয়ে কয় যে,উৰিয়া জাতিয়ে সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি পাইছে,কিন্তু উৰিয়া ভাষা সংস্কৃতি সংৰক্ষণ তথা উন্নয়ণৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ অসমৰ বিভিন্ন বিদ্যালয়ত উৰিয়া ভাষাটো ঐচ্চিক ভাষা হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা দিয়াৰ বাবে আৰু মহাবিদ্যালয়,বিশ্ববিদ্যালয় সমূহত উৰিয়া ভাষাৰ গৱেষণাগাৰ স্থাপন কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে সভাপতিগৰাকীয়ে ৷ উল্লেখযোগ্য যে,চৰকাৰৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াত উৰিয়া জনগোষ্ঠীৰ নামো অন্তভুক্ত কৰিবলৈ দাবী উত্থাপন কৰে লক্ষ্মী তাঁতীয়ে ৷

লগতে পঢ়কঃ অসমৰ সমষ্টি পুণঃনিৰ্ধাৰণৰ ৰাজপত্ৰিত জাননী জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.