ETV Bharat / state

এটা দুৰ্ভগীয়া পৰিয়ালৰ দুৰ্দশা

author img

By

Published : May 13, 2020, 6:13 PM IST

চৰকাৰী কোনো অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এটা অতি দৰিদ্ৰ পৰিয়াল ৷ কেৱল দৰিদ্ৰতাই নহয় স্বাস্থ্যৰ দিশৰ পৰাও জৰ্জৰিত পৰিয়ালটো ৷ পৰিয়ালটোৰ মুঠ সাত গৰাকী সদস্যৰ চাৰিগৰাকীয়ে বিশেষভাৱে সক্ষম ৷ কোনোদিন কোনোধৰণৰ সাহায্য নোপোৱা পৰিয়ালটোৱে সম্প্ৰতি দুৰ্ভোগ ভোগিছে লক্ ডাউনৰ বাবে ৷

one-poor-and-handicapped-family-from-tamulpur-goreswar
এটা দুৰ্ভগীয়া পৰিয়ালৰ দুৰ্দশা

তামুলপুৰ,13 মে' : বাক্সাৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক দৃশ্য ৷ বিশেষভাৱে সক্ষম একেটি পৰিয়ালৰে চাৰিগৰাকীকৈ ভাতৃ-ভগ্নী ৷ তেঁওলোকৰ থাকিবলৈ নাই এটা উপযুক্ত গৃহ ৷ গোহালি সদৃশ ভঙা জুপুৰিতে জীৱন যাপন কৰি আছে অসহায় ভাতৃ ভগ্নী কেইগৰাকীয়ে ৷ চৰকাৰী কোনো অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই গোৰেশ্বৰৰ ২নং ৰৌমাৰী গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটিক ৷ পৰিয়ালটোৰ মুঠ সাত জন সদস্যৰ চাৰিগৰাকীয়ে বিশেষভাৱে সক্ষম ৷

এটা দুৰ্ভগীয়া পৰিয়ালৰ দুৰ্দশা

পৰিয়ালটোৱে বহু অনুনয়-বিনয় কৰিও এতিয়ালৈকে পোৱা নাই কোনো ধৰণৰ সাহায্য ৷ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বাবে কেইবাবাৰো আবেদন কৰিও নাপালে এটি আৱাস গৃহ । আনকি লক্ ডাউনৰ সময়খিনিতো পোৱা নাই কোনোধৰণৰ সাহায্য ৷ এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দীলিপ শইকীয়াৰ লগতে বি টি চি পৰিষদীয় সমষ্টিৰ প্ৰাক্তন সদস্য গণেশ কছাৰীৰ সু-দৃষ্টি নপৰাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়াই ।

লগতে পঢ়কঃলক্ ডাউনৰ শিক্ষাঃ ফুলকুমলীয়া বয়সতে কান্ধত পৰিছে পৰিয়ালৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.