ETV Bharat / state

অকলে চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলোৱা বাক্সাৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী

author img

By

Published : Dec 1, 2020, 10:00 PM IST

বিটিচি নিৰ্বাচনৰ সময়তে বাক্সাত এজন প্ৰাৰ্থী বিশেষ চৰ্চালৈ আহিছে ৷ প্ৰাৰ্থী গৰাকীয়ে অকলে চাইকেল চলাই প্ৰচাৰ অভিযানত নামিছে ৷ সমষ্টিটোৰ ঘৰে-ঘৰে গৈ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক ভোট দিবলৈ আহ্বান জনাইছে ৷

one-of-the-exceptional-candidates-in-baksa-campaigning-by-bicycle-alone
অকলে চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলোৱা বাক্সাৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী

বৰমা, 1 ডিচেম্বৰ : বাক্সা জিলাৰ 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ এজন লোকে চাইকেল চলাই চৰ্চালৈ আহিছে ৷ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে ডাঙৰকৈ সভা-সমিতি নাপাতি অকলে চাইকেল চলাই প্ৰচাৰ অভিযান চলোৱাৰ লগতে নিজেই বেনাৰ-পোষ্টাৰ আৰি ব্যক্তিজন চৰ্চালৈ আহিছে ৷

জানিব পৰা মতে, সমষ্টিটোৰ সূৱণখাটাৰ বাসিন্দা দিজু বড়ো নামৰ লোকজনে বিটিচি নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ যাৰ বাবে চাইকেলত দুটাকৈ মোনা আৰি অকলে সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাইছে ৷ সমষ্টিটোৰ মানুহৰ ঘৰে-ঘৰে গৈ দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাইছে লোকজনে ৷

লগতে পঢ়ক : কৃষক বিদ্ৰোহ : দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.