বাক্সা, 5 মাৰ্চঃ বাক্সাৰ ডুমুনীত যুৱকৰ এটা মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বাক্সা জিলা ৷ মৃত যুৱক জনৰ নাম অৰুণ বৰুৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, ডুমুনী চাহ বাগিছাৰ মৃত যুৱক জনে এমাহ ধৰি বৰপেটা জিলাৰ পাটাছাৰকুছি থানাৰ অন্তৰ্গত বাঘমাৰ নিকতৱৰ্তী হিমালয়া নাৰ্চাৰীৰত কাম কৰি আছিল ৷ কিন্তু ৰহস্যজনকভাবে বুধবাৰে যুৱক জনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ডুমুনী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ পৰিয়ালৰ লোকৰ অভিযোগ মতে, বুধবাৰে পুৱাৰ ভাগত যুৱক জন হঠাৎ অসুস্থ হোৱা বুলি খবৰ কৰে পৰিয়ালক ৷ লগতে মৃত যুৱক জনৰ মাতৃক নাৰ্চাৰীখনৰ কোনো লোকে গাড়ীত উঠাই লৈ আহে ৷
মাতৃয়ে লৰা জন ক'ত আছে বুলি সোধাত তেওঁক প্ৰথমে পাঠশালা আৰক্ষী চকীলৈ নি তেওঁৰ পৰা টিপ চহী লৈ পুনৰ তেঁওক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় ৷ মাতৃয়ে পুত্ৰক বিচাৰি কান্দি কান্দি হাবাথুৰি খায় চিকিৎসালয়ৰ চৌহদত ৷ কিন্তু অৱশেষত মাতৃয়ে এখন কলা প্লাষ্টিকেৰে ঢাকি থোৱা অৱস্থাত পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে ৷ পিচত নাৰ্চাৰী খনৰ স্বত্বাধিকাৰী প্ৰাণেশ্বৰ কলিতাই দাবী ধমকিৰে মাতৃক মৃতদেহটো চমজি ল'বলৈ কৈ হাতত টকা এক হাজাৰ দি মৃতদেহটো গড়ীত পঠাই দিয়ে ৷ ইয়াকে লৈ সমগ্ৰ ডুমুনী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ আনহাতে যুৱকজনৰ মৃত্যু এয়া হত্যাকাণ্ড নে আত্মহত্যা তাৰ বাবে ডুমুনী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ৷ অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত নহ'লে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিসংগঠনটোৱে সকীয়াই দিয়ে ৷
লগতে পঢ়ক- চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ পবিত্ৰতা নষ্ট কৰিছেঃ কমলাক্ষ দে পুৰকায়স্থ