ETV Bharat / state

সৰ্বানন্দৰ বিকশিত অসম আৰু হাগ্ৰামাৰ মডেল বিটিচিত নাই দলং

ভাৰত-ভূটান সীমান্তৱৰ্তী বাক্সা জিলাৰ বৃহত্তৰ খৈৰানী অঞ্চলত স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰা পাচতো নাই এখন দলং ৷ জিলাখনৰ জালাহ-কুমাৰীকাটা সংযোগী পথৰ খৈৰাণীত বছৰ বছৰ ধৰি এখন দলঙৰ অভাৱত যমৰ যাতনাৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে বৃহত্তৰ খৈৰানীবাসী ৰাইজে ৷

author img

By

Published : May 2, 2019, 3:58 PM IST

সৰ্বানন্দৰ বিকশিত অসম আৰু হাগ্ৰামাৰ মডেল বিটিচি

বাক্সা, 2 মেঃ স্বাধীন ভাৰতত মুকলিভাৱে অহা যোৱা কৰিবলৈ হ'লেও ৰাইজে ভৰিব লাগে টকা ৷ এখন দলঙৰ বাবেই ৰাইজে জেপৰ ধন ভৰি নদীৰ মাজেৰে অব্যাহত ৰাখিছে যাতায়ত ব্যৱস্থা ৷ পাগলাদিয়া নদী পাৰ হবলৈ দৈনিক এইদৰে প্ৰতিখন বাহনে ভৰি আহিছে দুশৰ পৰা চাৰিশ টকা ৷ বাক্সাৰ খৈৰানীৰ পাগলাদিয়া নদীৰ জালাহ-কুমাৰীকাটা সংযোগী পথত নাই এখন দলং ৷ এইদৰে এখন দলঙৰ অভাৱত যমৰ যাতনাৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে বৃহত্তৰ খৈৰানীবাসী ৰাইজে ৷

Intro:স্বাধীনতাৰ সত্তৰ বছৰে বাক্সাৰ খৈৰাণীত পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ 'ল দলং
নদীৰ মাজেৰে ৰাইজৰ বিপদসংকুল যাতায়ত
এখন বাইক পাৰ হবলৈ ভৰিব লাগে তিনিৰ পৰা চাৰিশ টকাBody:দেশ স্বাধীন হোৱাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো বাক্সা জিলাৰ খৈৰাণীত পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ 'ল এখন দলং ৷ যাৰ বাবে বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে ৷ বাৰিষা নদীত পানী আহিলেই বন্ধ হৈ পৰে যাতায়ত ৷
এই দৃশ্য বাক্সা জিলাৰ খৈৰাণীৰ পাগলাদিয়া নদীৰ ৷ বিগত তিনিদিন ধৰি বৰষুন হৈ থকাৰ ফলত পাগলাদিয়া নদীৰ পানী বৃদ্ধি হোৱাত এনেদৰে বিপদসংকুল যাত্ৰা ৰাইজৰ ৷ জিলাখনৰ জালাহ -কুমাৰীকাটা সীমান্ত পথৰ খৈৰাণীত দেশ স্বাধীন হোৱাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো আজিলৈকে কোনো এখন চৰকাৰে দলং নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহন নকৰিলে ৷ যাৰবাবে অঞ্চলটোৰ ৰাইজে যাতায়তৰ বাবে বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি আহিছে ৷ নদী পাৰ হবলৈ নিজৰ জেপৰ পৰা তিনিশৰ পৰা চাৰিশ টকা পৰ্যন্ত খৰচ কৰিব লাগে পথচাৰীয়ে ৷ নদীৰ পানীৰ তীব্ৰ সোঁতকো আওকাণ কৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিছে ৷ একাংশ বাইক আৰোহীয়ে টকাৰ বিনিময়ত ভাৰেৰে পাৰ কৰাৰ বিপৰিতে কোনোও ঠেলি নাইবা কোনোবাই দাঙি পাৰ কৰি মটৰ চাইকেল আৰু চাইকেল ৷ দৈনিক সহস্ৰাধিক সৰু -ডাঙৰ গাড়ী চলাচল কৰা পথটোত শীঘ্ৰে অঞ্চলটোৰ ৰাইজে এখন পকী দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও আজিলৈকে কাৰ্যকৰী হৈ উঠা নাই ৷ ফলত বিপদসংকুল ভাৱে বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে অব্যাহত ৰাখিছে যাতায়ত ৷Conclusion:পিচে প্ৰশ্ন হয় ৰাজ্যত পৰিৱৰ্তনৰ শ্লোগান দি শাসনৰ বাঘজৰী হাতত লোৱা মিত্ৰজোটৰ চৰকাৰখনৰ কেতিয়াবা দৃষ্টিগোচৰ হবনে ৰাইজৰ সমস্যাবোৰ ৷
বাইট— পথচাৰী ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.