1.চৰাই মৰে ৰৈ শ্বেৰমান মৰে কৈ !
বুধবাৰে কংগ্ৰেছক আকৌ এক নতুন বিপদৰ মাজলৈ ঠেলি দি দলটোৰ বিধায়ক শ্বেৰমান আলী আহমেদে গৰুখুটিৰ উচ্ছেদক লৈ কৰিছে কেতবোৰ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য । যাৰ ফলত বাৰুকৈয়ে অস্বস্তিত পৰিছে কংগ্ৰেছ নেতৃত্ব ।
2.ডিমা হাছাওত দুদিনীয়া কাৰ্যসূচীৰে মুকলি জাতিংগা মহোৎসৱ
দেশ বিদেশৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কালৰৱত এতিয়া মুখৰিত হৈ পৰিছে পাহাৰীয়া জিলা ডিমা হাছাওৰ জাতিংগা ৷ ইয়াৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো জাতিংগাত দুদিনীয়াকৈ আয়োজন কৰা হৈছে জাতিংগা মহোৎসৱৰ ৷ বুধবাৰ সন্ধিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই মুকলি কৰে এই মহোৎসৱৰ ৷
3.কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি
ধেমাজিত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে কেবিনেট বৈঠক ৷ পুৱা ১১ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈছে বৈঠক । বৈঠকৰ প্ৰস্তুতিক লৈ দ্বিতীয়খন দিছপুৰত পৰিণত হৈছে ধেমাজি ৷ বৈঠকত গ্ৰহণ কৰা হ’ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
4.কৰিমগঞ্জত চিনেমা কায়দাৰে আটক মাটিৰ দালালৰ এক্সক্লুছিভ লাইভ
কৰিমগঞ্জত ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ’ল আৰক্ষীৰ হাতৰ পৰা পলাই থকা ভূমিৰ দালালক চিনেমা কায়দাৰে আটকৰ দৃশ্য ৷ মাটিৰ দালালৰ বিৰুদ্ধে চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি থকা সময়ত বুধবাৰে কৰিমগঞ্জত পুনৰ এজন দালালক আটক কৰে আৰক্ষীয়ে । আটক কৰা ব্যক্তিজন কৰিমগঞ্জ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ অধিবক্তা কবিৰ আহমেদ ।
5.মহামাৰীৰ সময়ত এড়ী-পলু পালনেৰে স্বাৱলম্বী ডিব্ৰুগড়ৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা
মহামাৰীৰ বাবে জীৱন-জীৱিকাক লৈ অনিশ্চয়তাৰ মাজত এচাম লোকে দুৰ্বিষহ জীৱন কটাবলগীয়া হোৱাৰ সময়তে ডিব্ৰুগড়ৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাই দেখুৱাইছে উপাৰ্জনৰ পথ ৷ মহামাৰীৰ সময়ত এড়ী-পলু পালন কৰিয়েই বছৰত দুই লাখৰ পৰা আঢ়ৈ লাখ টকা উপাৰ্জন কৰিছে মহিলাগৰাকীয়ে ৷
6.ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ অভিযোগত নিলম্বিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক
গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati University)ৰ হিন্দী বিভাগ(Hindi Department)ৰ সহকাৰী অধ্যাপক অমিত পাণ্ডে(Amit Pandey)ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন ৷ বিশ্ববিদ্যালয়ত অধ্যয়নৰত বহু ছাত্ৰীলৈ হোৱাটছ এপ আৰু ফেচবুকযোগে অশ্লীল বাৰ্তা প্ৰেৰণৰ অভিযোগ তোলা হৈছে ৷ ঘটনা সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে অধ্যাপকগৰাকীক নিলম্বন কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷
7.বঙাইগাঁও শোধনাগাৰৰ চাফাই কৰ্মচাৰীৰে মত-বিনিময় বাবন ৰাৱটৰ
চিৰাঙত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু পুনৰীক্ষণ মন্ত্ৰালয়ৰ চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগ(National Commission for Safai Karamcharis)ৰ উপাধ্যক্ষ বাবন ৰাৱট(Baban Rawat) ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা উপাধ্যক্ষ ৰাৱটে বঙাইগাঁও শোধনাগাৰ(Bongaigaon Refinery)ৰ চাফাই কৰ্মচাৰীৰ সমস্যাৰ বুজ লয় । লগতে চাফাই কৰ্মচাৰীসকলৰ সমস্যা সন্দৰ্ভত চাফাই সংগঠনৰ সৈতেও মত-বিনিময় কৰে ৷
8.দিয়ামুলীত অনিৰ্দিষ্টকালীন অইল বন্ধ ঘোষণা
অইলৰ বিৰুদ্ধে বৃহস্পতিবাৰে অনিদিষ্টকালীন বন্ধ ঘোষণা কৰিছে তিনিচুকীয়া জিলাৰ দিয়ামুলী চাহ বাগিচা অঞ্চলৰ ৰাইজে ৷ ২০১৯ চনতে দিয়ামুলীত অইলে পাইপ লাইনৰ কাম আৰম্ভ কৰাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগত দিয়ামুলী চাহ বাগিচাৰ ৰাইজে অঞ্চলটোত অইলৰ কামকাজ বন্ধ ৰখাৰ হুংকাৰ দিয়ে ৷
9.দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে বোমা বিস্ফোৰণ ঘটি দুই ভাতৃৰ মৃত্যু
মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ(World War-II era) বোমা বিস্ফোৰণ ৷ বিস্ফোৰণত দুই ভাতৃৰ মৃত্যু ৷ দুই ভাতৃয়ে ঘৰৰ পিছফালে আৱৰ্জনা পেলোৱাৰ উদ্দেশ্যে এটা গাঁত খনন কৰি থকা অৱস্থাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা ৷
10.ছত্তিশগড়ত দুগৰাকী মহিলাকে ধৰি ১১ মাওবাদীৰ আত্মসমৰ্পণ
বুধবাৰে ছত্তিশগড়ত আত্মসমৰ্পণ কৰে ১১ জনকৈ মাওবাদীয়ে । চুকমা আৰক্ষীয়ে চলোৱা পুনা নাৰকম অভিযানৰ সময়ত মাওবাদী কেইটাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত দুগৰাকী মহিলা আছিল ।