ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি - সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

news@5
সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Aug 12, 2021, 5:02 PM IST

1.উপ নিৰ্বাচনত মাজুলীত ভাল ফল দেখুৱাব কংগ্ৰেছে : NSUI

ৰাজ্যৰ বিধানসভা নিৰ্বাচন (Assam Assembly Election)ৰ পাচতে এতিয়া আকৌ 7 টা সমষ্টিত উপ-নিৰ্বাচন (By Election) অনুষ্ঠিত হোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সৃষ্টি হৈছে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিদেশ মৰ্মে মাজুলীত উপস্থিত হয় NSUI ৰ ৰাজ্যিক সভাপতি কৃশানু বৰুৱা । NSUI ৰ সভাপতি গৰাকীয়ে বৃহস্পতিবাৰে এখন সংবাদ মেলৰ সম্বোধন কৰে ।

2.বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা

বিশ্ব এথলেটিকছ(World Athletics)ৰ দ্বাৰা জাৰি কৰা শেহতীয়া তথ্য অনুসৰি, 1396 নম্বৰ লাভ কৰা জাৰ্মান এথলীট জোহানেছ ভেটাৰ(Johannes Vetter)ৰ পাচতে দ্বিতীয় স্থানত আছে টকিঅ’ অলিম্পিক(Tokyo Olympics 2020)ত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় জেভলিন থ্ৰ’ খেলুৱৈ নীৰজ চোপ্ৰা(Neeraj Chopra) ।

3.শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে প্রধান শিক্ষকৰ বাসগৃহ

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ হোজাইৰ গান্ধী বিদ্যাপীঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত দেখা অসন্তুষ্টিৰ ফলস্বৰূপে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আলোক কুমাৰ গুপ্তাৰ লালপটিস্থিত বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
4.বাবুৰহাটত জব্দ 40 টা গৰু

য'তে বাঘৰ ভয় তাতে ৰাতি হয় । এই আপ্ত বাক্যশাৰী খাপ খাই পৰিছে বিলাসীপাৰাৰ চোৰাং গৰু ব্যৱসায়ীৰ সৈতে । উদ্দেশ্য আছিল গৌৰাং নৈৰে বাংলাদেশলৈ অবৈধভাৱে গৰু সৰবৰাহ কৰা । কিন্তু আদবাটতে লাগিল অথন্তৰ ।

5.গুপ্ত ঘাতকৰ বলি ডাঃ ধৰণীধৰ দাসক স্মৰণ

১৯৯৮ চনৰ ১১ আগষ্ট, এটা অভিশপ্ত দিন । একেটা পৰিয়ালৰে ৪ জনকৈ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল গুপ্তঘাতকে । আলোচনাপন্থী আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ জ্যেষ্ঠ ভাতৃ ডাঃ ধৰণীধৰ দাসৰ লগতে পৰিয়ালটোৰ আন তিনিজন সদস্যই প্ৰাণ হেৰুৱাইছিল গুপ্তঘাতকৰ গুলীত । ডাঃ ধৰণীধৰ দাসৰ স্মৃতিত তেওঁৰ ২৩ সংখ্যক মৃত্যু বাৰ্ষিকীত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰমা শাখা সাহিত্য সভাৰ সহযোগত বাক্সা প্ৰেছ ক্লাবত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

6.বজাৰত ওলাইছে QR code যুক্ত ৰাখী

গুজৰাটৰ এগৰাকী আৰ্কিটেকৰ নতুন উদ্ভাৱন । আগন্তুক ৰাখী বন্ধনৰ (Raksha Bandhan) বাবে ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছে এবিধ বিশেষ ৰাখী । আৰ্কিটেক আয়ুশী দেশাইয়ে কিউ আৰ কোড (QR code) ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে বিশেষ ৰাখীটো । ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে যিহেতু সুৰক্ষাক প্ৰাথমিকতা দিয়া হৈছে ।

7.সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰৰ দাবী অসম জাতীয় পৰিষদৰ

কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাজীৱ মাঝি নামৰ এজন যুৱকে ৷ ইয়াৰ পাছতেই সঞ্জয় কিষাণৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত বনী চাহানীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আন কেইবাটাও বিষ্ফোৰক অভিযোগ উত্থাপন কৰিছিল । কিন্তু এই অভিযোগ উত্থাপনৰ দুমাহ উকলি যোৱাৰ পাছতো চৰকাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰাত সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ ৷

8.অৱশেষত অৰুণাচলত উদ্ধাৰ কণমানি কুমকুম

বৃহস্পতিবাৰে পুৱাৰ ভাগত অৰুণাচল প্ৰদেশৰ ত’দেৰ পৰা উদ্ধাৰ হয় জোনাইৰ 6 বছৰীয়া কুমকুম পেগু(Kumkum Pegu) ৷ বুধবাৰে সন্ধিয়া ভাগত অপহৰণ হোৱাৰ পাচত ওৰে নিশা তদন্ত চলাই কণমানিজনীক উদ্ধাৰ কৰে অসম-অৰুণাচল আৰক্ষীয়ে ৷ ঘটনাৰ সৈতে জড়িত সন্দেহযুক্ত অৰ্জুন পেগু নামৰ যুৱকজন বৰ্তমানেও পলাতক অৱস্থাত ৷

9.মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে গছপুলি ৰোপণ কৰা গাঁওখন...

এখন বিশেষ গাঁও, য’ত প্ৰতিজন ব্যক্তিৰ মৃত্যু পাচত সেই ব্যক্তিজনৰ স্মৃতি জীয়াই ৰখাৰ অৰ্থে তেওঁৰ নামত গছপুলি ৰোপণ কৰে গাঁৱৰ ৰাইজে ৷ এই গছসমূহে প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষা কৰি আহিছে গাঁওখনৰ ৷ কিন্তু ক’ত আছে আছে এই বিশেষ গাঁওখন ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

10.এইবাৰ বাদশ্বাহৰ কণ্ঠত 'বচপন কা প্যাৰ'

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা সহদেৱ দিৰ্দো(Sahdev Dirdo)ৰ 'বচপন কা প্যাৰ'(Bachpan Ka Pyaar) গীতটি চাগে আপুনিও শুনিছে । এইবাৰ বলীউড কণ্ঠশিল্পী তথা ৰেপাৰ বাদশ্বাহে(Badshah)ও গুণগুণালে 'বচপন কা প্যাৰ' শীৰ্ষক এই গীতটি । বুধবাৰে এই গীতটিৰ নতুন সংস্কৰণ মুকলি কৰিছে বাদশ্বাহে(Badshah) । সহদেৱ দিৰ্দোৰ সৈতে গীতটিত কণ্ঠ নিগৰাইছে আস্থা গীলেও ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.