বৰমা,9 মে’ঃ বিটিচিৰ শাসনাধিষ্ঠ বিপিএফ দলৰ কাৰ্যকাল উকলাৰ অন্তত ২৮ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ৰাজ্যপালৰ শাসন ৷ সম্প্ৰতি বিটিচিৰ প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি লাভ কৰে আইএএচ বিষয়া ৰাজেশ প্ৰসাদে ৷ শনিবাৰে নৱনিযুক্ত প্ৰশাসনিক বিষয়া গৰাকী উপস্থিত হয় বাক্সা জিলাত ৷ জিলাখনৰ সদৰ মুছলপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়াগৰাকীয়ে বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বিভিন্ন বিভাগৰ কাম-কাজৰ খতিয়ান লোৱাৰ পিছত প্ৰশাসনিক বিষয়া ৰাজেশ প্ৰসাদে ইতিপূৰ্বে বিটিচিত সংঘটিত বিভিন্ন দুৰ্নীতিৰ তদন্ত অচিৰে আৰম্ভ হোৱাৰ উল্লেখ কৰে ৷ তদুপৰি কৃষি বিভাগত সংঘটিত দুৰ্নীতিৰ বিশেষ তদন্ত হোৱাৰ আশ্বাস প্ৰদান কৰে ৷ বিটিচিৰ নিৰ্বাচনী আচৰণবিধি ভংগ নকৰাকৈ প্ৰতিটো বিভাগতে বাকী ৰোৱা উন্নয়নমূলক কামসমূহ সম্পূৰ্ণ কৰাৰ কথা প্ৰকাশ কৰে প্ৰসাদে ৷
আনহাতে, কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনৰ লগত আলোচনা কৰাৰ লগতে সকলোকে সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰি Covid 19 ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজক আহ্বান জনায় বিষয়াগৰাকীয়ে ৷
লগতে চাওকঃ Covid 19 ৰ বিৰুদ্ধে সষ্টম গোৱালপাৰাৰ স্বাস্থ্য বিভাগ